ডিজিটেল ডেস্ক :
প্ৰেমৰ উন্মদনাই দহিহে প্ৰেমিক যুগলক৷ বলীউডত এতিয়া চৰ্চা দুয়োৰে প্ৰম গাথা৷ কেতিয়াবা যদি সাৱটিছে ইজনে-সিজনক কেতিয়াবা আকৌ কান্ধত মূৰ গুজিছে৷ মাথোন প্ৰেমে দুয়োকে বান্ধিছে এহাল প্ৰেমিকক৷ আমি ক’বলৈ বিচাৰিছো বি-টাউনৰ আটাইতকৈ আকৰ্ষণীয় প্ৰেমিক যুগল, বিকি কৌশল আৰু কেটৰিনা কাইফৰ কথা৷ বিবাহৰ পাছৰে পৰা ইজনবে-সিজনৰ লগত নিবিড় সময় অতিবাহিত কৰা দেখা গৈছে । তেওঁলোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোৱে আপ্লুট কৰে অনুৰাগীক। বিবাহপাশত আবদ্ধ হোৱা তিনিমাহ সময় অতিক্ৰম কৰিলে বিকি কৌশল আৰু কেটৰিনা কাইফে৷
ইফালে, ব্যক্তিগতভাৱেও, দুয়োগৰাকী
তাৰকাই তেওঁলোকৰ সামাজিক মাধ্যমত কৰা পোষ্টৰ জৰিয়তে তেওঁলোকৰ অনুৰাগীসকলক মনোৰঞ্জন দি আহিছে৷ কেটৰিনাই অলপতে চিজলিং হট চুইমৱেৰে আৰু বিকি কৌশলে চাৰ্টলেছ হৈ ফটো শ্বেয়াৰ কৰিছে৷
বুধবাৰে, কেটৰিনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিকিৰ সৈতে পুৱাৰ ছেলফী শ্বেয়াৰ কৰিছিল। ছেলফীবোৰত, কেটৰিনাক বিকিৰ কান্ধত শুই থকা দেখা যায়। দুয়োকে ষ্টাইলিছ ছানগ্লাছ পিন্ধা দেখা যায়৷
কেটৰিনাই ছেলফীৰ শিৰোনাম দিছিল এনেদৰে, ‘দুঃখিত মোৰ টোপনি আহিছে।’ তাৰপাছতেই অভিনেত্ৰীগৰাকীয়ে আন এখন ছেলফী শ্বেয়াৰ কৰিছিল য’ত তেওঁলোক দুয়ো কেমেৰাৰ ফালে চাই হাঁহি আছিল৷
Leave A Comment