Regional
মুম্বাইঃ বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্ত হৈছে বিতৰ্কিনত অভিনেত্ৰী কংগনা ৰাণাৱট। উল্লেখ্য যে, জাভেদ আখতাৰে তেওঁৰ বিৰূদ্ধে বোম্বাই দণ্ডাধীশৰ আদালতত এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছিল। কংগনাই গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে অভিনেত্ৰীগৰাকীৰ আবেদন খাৰিজ কৰা বুলি প্ৰকাশ পাইছে। নিম্ন আদালতত দাখিল কৰা অপৰাধমূলক গোচৰটোৰ প্ৰসংগত গীতিকাৰ জাভেদ আখতাৰৰ অভিযোগ, ‘কংগনাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মোৰ বিৰূদ্ধে অপমানজনক মন্তব্য কৰিছিল। জনমানসত মোৰ ভাবমূৰ্তি কলুষিত কৰাৰ উদ্দেশ্যে এনে প্ৰচাৰত নামিছে কংগনা ৰানাৱট।’
ইয়াৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আন্ধেৰী আদালতত গোচৰটোৰ শুনানি হৈছিল। নিম্ন আদালতে মাৰ্চ মাহত কংগনাৰ বিৰূদ্ধে জামিনযোগ্য ধাৰাৰ অধীনত ৱাৰেণ্ট জাৰী কৰাৰ নিৰ্দেশ দিছিল। অভিনেত্ৰীগৰাকী আদালতলৈ আহিছিল আৰু ৱাৰেণ্ট জাৰি হোৱাৰ লগে লগে জামিনৰ বাবে আবেদন কৰিছিল ।
চলিত বৰ্ষৰ জুলাই মাহত নিম্ন আদালতত চলি থকা গোচৰটো বাতিলৰ বাবে আদালতত আবেদন জনাইছিল কংগনা ৰানাৱটে।
জানিবলৈ পোৱা মতে, দণ্ডাধীশ আদালতে জুহু আৰক্ষীক আখতাৰৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া নাছিল। কংগনাৰ অধিবক্তা ৰিজৱান ছিদ্দিকীয়ে উচ্চ ন্যায়ালয়ত আপীল কৰা মতে, 'এয়া একপক্ষীয় তদন্ত। নিম্ন আদালতৰ ন্যায়াধীশে যিকোনো আদেশ দাখিল কৰাৰ আগতে অভিযোগটো বিবেচনা কৰি চোৱা উচিত ।’
ইফালে, আখতাৰে উচ্চ ন্যায়ালয়ত কংগনাৰ আবেদন খাৰিজ কৰিবলৈ কৈ এখন শপতনামা দাখিল কৰে। নিম্ন আদালতৰ শুনানিত পলম হোৱা বাবে অভিনেত্ৰীগৰাকীয়ে আদালতত উপস্থিত হ’বলগীয়া হৈছে বুলি তেওঁ সদৰী কৰিছে ।
Leave A Comment