• জামিন লাভ ৰাজ কুন্দ্ৰাৰ...

    মনোৰঞ্জন
    জামিন লাভ ৰাজ কুন্দ্ৰাৰ...

    মুম্বাই : অৱশেষত জামিন লাভ কৰিলে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই৷ ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলে কুন্দ্ৰাই৷ মুম্বাইৰ আদালতে মঞ্জুৰ কৰিলে জামিন আৱেদন৷





    পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কুন্দ্ৰা৷ ইয়াৰ পাছতে প্ৰায় দুমাহ জে’লত থাকিবলগা হৈছিল কুন্দ্ৰা৷ ইতিমধ্যে কুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে চাৰ্জশ্বীট৷ মুম্বাই আৰক্ষীয়ে দাখিল কৰিছিল ১৪শ পৃষ্ঠাৰ চাৰ্জশ্বীট৷





    উল্লেখযোগ্য যে, যোৱা বৃহস্পতিবাৰে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ১৪শ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছিল মুম্বাই আৰক্ষীয়ে। কিন্তু অভিযোগনামাত কুন্দ্ৰাৰ বিৰুদ্ধে তথ্য প্ৰমাণ সঠিকভাৱে উল্লেখ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কুন্দ্ৰাই লাভ কৰিলে জামিন। 





    কুন্দ্ৰাৰ বিৰুদ্ধে উঠিছে এশৰো অধিক পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগ। কুন্দ্ৰাই পৰ্ণ ছবি নিৰ্মাণ কৰি সেই চিনেমাসমূহ বৃটেইনত ৱেৱছাইটৰ জৰিয়তে মুক্তি দিয়াৰো উঠিছিল অভিযোগ। কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগক কেন্দ্ৰ কৰি অস্বস্তিত পৰিছিল শিল্পা ছেট্টীও।