• জেৰাত থৰকাছুটি হেৰাল ঐশ্বৰ্যৰ! ইডিৰ প্ৰশ্নৰ তাপত ঘামেৰে মেকআপ তিতিল বিশ্ব সুন্দৰীৰ...

    মনোৰঞ্জন
    জেৰাত থৰকাছুটি হেৰাল ঐশ্বৰ্যৰ! ইডিৰ প্ৰশ্নৰ তাপত ঘামেৰে মেকআপ তিতিল বিশ্ব সুন্দৰীৰ...

    ডিজিটেল ডেস্কঃ পানামা নথি কেলেংকাৰিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্যৰ ৰায় বচ্চনক দিল্লীত প্ৰৱৰ্তক সঞ্চালকালয় (ই ডি)ৰ কাৰ্যায়ত কালি দীৰ্ঘসময় ধৰি জেৰা কৰা হৈছিল৷ প্ৰায় ৫ঘণ্টা ধৰি চলা জেৰাৰ পাছত অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগতো নিজৰ মুখ নুখুলিলে৷ ঐশ্বৰ্যৰ ৰায়ক ফৰেক্স নিয়ম উলংঘনৰ অভিযোগ আছে৷






    তদন্ত সংস্থাটোৱে ঐশ্বৰ্য ৰায়ৰ বক্তব্য লিপিবদ্ধ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন(ফেমা) উলংঘা কৰি বিদেশত সম্পদ জমা ৰখাৰ অভিযোগৰ উঠিছে। ইডি-এ ঐশ্বৰ্য ৰায় বচ্চনক সোধা প্ৰশ্নবোৰ এনেধৰণৰ-









    ১) ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত এমিক পাৰ্টনাৰ্ছ নামৰ এটা কোম্পানী আছিল। এই কোম্পানীটোৰ সৈতে আপোনাৰ কি সম্পৰ্ক আছে?






    ২)এই কোম্পানীৰ পৰিচালনাৰ দায়িত্বত আছিল আপোনাৰ পিতৃ কোটেদাদিৰমনা ৰায় কৃষ্ণ ৰায়, মাতৃ কবিতা ৰায় আৰু আপোনাৰ ভাতৃ আদিত্য ৰায় আছিল। আপুনি এই বিষয়ে কি ক’ব পাৰে?






    ৩) জুন ২০০৫ত কোম্পানীটো কিয় শ্বেয়াৰহোল্ডাৰলৈ সলনি কৰা হৈছিল?






    ৪) ২০০৮ চনত কোম্পানীটো কিয় নিষ্ক্ৰিয় হৈ পৰিছিল?





    পানামা পেপাৰছ গোচৰ আচলতে কি?






    পানামা পেপাৰছ গোচৰটো হৈছে ২০১৬ হোৱা এক চুৰিকাণ্ড য’ত সংবাদ মাধ্যমত লিক হোৱা লাখ লাখ নথি-পত্ৰৰ এক বৃহৎ তদন্ত, বিশ্বৰ ধনী আৰু শক্তিশালীসকলে কৰ ফাঁকিৰে অফশ্বৰ একাউণ্ট বা শ্বেল কোম্পানী স্থাপন কৰিছিল৷ ৩০০ তকৈয়ো অধিক ভাৰতীয় এই পানামা পেপাৰ গোচৰত অন্তৰ্ভুক্ত হৈ আছে৷ এই গোচৰত অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনকে ধৰি কেইবাজনো ভাৰতীয় চেলিব্ৰিটীৰ নাম উল্লেখ আছে। সকলো লোকৰ ওপৰত কৰ জালিয়াতিৰ অভিযোগ আছিল।