comScore
  • দীপিকাই দিলে প্ৰেমৰ সংজ্ঞা: ৰণবীৰৰ সৈতে কেনেদৰে পাৰ কৰিলে ১০টা বছৰ!

    মনোৰঞ্জন
    দীপিকাই দিলে প্ৰেমৰ সংজ্ঞা: ৰণবীৰৰ সৈতে কেনেদৰে পাৰ কৰিলে ১০টা বছৰ!
    ডিজিটেল ডেস্ক: বলীউডত ‘প্ৰেম’ৰ প্ৰতীক হোৱা এক দম্পতী হ’ল - দীপিকা পাডুকন আৰু ৰণবীৰ সিং। বলীউডৰ দুজন আটাইতকৈ প্ৰতিভাশালী তাৰকা৷ তেওঁলোক দুয়োৱে ইজনে-সিজনক লগ পাইছিল শ্বুটিঙৰ ছেটত। সঞ্জয় লীলা ভাঞ্চালীৰ বেক টু বেক ৩খন ছবিৰ পাছত, দীপিকা আৰু ৰণবীৰে অৱশেষত ২০১৮ চনৰ নৱেম্বৰত বিবাহৰ মোহৰ মাৰিছিল৷ দুয়োৱে পাতনি মেলিছিল যুগ্ম জীৱনৰ৷ দীৰ্ঘদিন ধৰি একেলগে থকাৰ পাছত, দীপিকাই অলপতে প্ৰকাশ কৰিছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? আনকি এই বৰ্ষতো প্ৰেমৰ মাইলৰ খুঁটি হিচাপে অবিহিত কৰে দীপিকাই৷



    এটা অনুষ্ঠানত ৰেডিঅ’ চিটীৰ সঞ্চালকৰ সৈতে হোৱা বাৰ্তালাপত দীপিকাক সোধা হৈছিল যে এতিয়া তেওঁৰ বাবে প্ৰেমৰ অৰ্থ কি? এই প্ৰশ্নটোৱে যেন ভাবুক কৰি তুলিছিল অভিনেত্ৰীগৰাকীক৷ দীপিকাই ৰণবীৰৰ সৈতে কটোৱা ৰোমাঞ্চকৰ সময়বোৰৰ বিষয়ে কৈ তেওঁলোক দুয়োৰে ১০ বছৰ সম্পূৰ্ণ হোৱাৰ কথাও প্ৰকাশ কৰিছিল। দীপিকাই কয় যে, ‘আমাৰ মাজত আছিল বন্ধুত্ব, ইজনে-সিজনৰ মাজত সহযোগ, বিশ্বাস, যোগাযোগ থাকিব লাগিব আৰু মই ভাবো, যদিও মই চলচ্চিত্ৰ উদ্যোগত ১৫ বছৰ সম্পূৰ্ণ কৰিছো, কিন্তু আমি একেলগে ১০ বছৰ সম্পূৰ্ণ কৰিছো। এয়া বহুতেই নাজানে৷’

    বিগত কেইসপ্তাহমানৰ পৰা, দীপিকাই তেওঁৰ ছবি গেহৰিয়ানৰ প্ৰচাৰত ব্যস্ত হৈ পৰছিল৷ আনহাতে ছবিখনক লৈ দীপিকা আৰু ৰণবীৰৰ বহু উৰাবাতৰিও ওলাইছিল৷ এই উৰা বাতৰিৰ সন্দৰ্ভত দীপিকাই প্ৰকাশ কৰিছিল যে কেনেদৰে ৰণবীৰে শ্বকুন বাত্ৰাৰ সৈতে কাম কৰাৰ বাবে অধিক উৎসাহিত হৈছিল। আনকি ৰণবীৰে দীপিকাৰ ছবি 'গেহৰিয়ান'ৰ সকলো পোষ্ট শ্বেয়াৰ কৰিছিল৷



    ইফালে, দীপিকা, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱা অভিনীত গেহৰিয়ানৰ পৰিচালনা কৰিছে শকুন বাত্ৰাই আৰু কৰণ জোহৰে। আমাজন প্ৰাইম ভিডিঅ’ত ১১ ফেব্ৰুৱাৰীত শুভমুক্তি লাভ কৰিব ছবিখনে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online