ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ জনপ্ৰিয় তাৰকা ধনুষ আৰু ঐশ্বৰ্য ৰজনীকান্তৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে হতভম্ব কৰি তুলিলে। ঐশ্বৰ্য ৰজনীকান্ত হৈছে দক্ষিণৰ ছবিজগতৰ কিংবদন্তি অভিনেতা ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা। ধনুষে প্ৰথমে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ৩৮ বছৰীয়া অভিনেতা ধনুষে লিখিছিল, “১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ যাত্ৰা একেলগে কৰিছিলো। বৰ্তমান আমি য'ত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ’ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়… প্ৰেম বিয়পাই ৰাখক..ধনুষ।”
ইয়াৰ পাছত প্ৰায় একেখিনি কথাকে লিখি ঐশ্বৰ্য ৰজনীকান্তেও বিবাহ বিচ্ছেদৰ কথা ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে জনায়। বিবাহৰ ১৮ বছৰৰ পাছত এই চেলিব্ৰিটি দম্পতীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ আনুষ্ঠানিক বিবৃতিত গোপনীয়তা ৰক্ষা কৰাটো বিচাৰে। ধনুষৰ পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাইয়েও ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰতি
প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু কৈছিল যে "এয়া বিবাহ বিচ্ছেদ নহয়, এয়া কেৱল এক পাৰিবাৰিক কাজিয়া।পতি-পত্নীৰ মাজত কাজিয়া লাগেই। ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ কেৱল কিছুমান কথাৰ মাজত থকা পাৰ্থক্য আৰু মতবিৰোধৰ বাবেহে হৈছে। এয়া এক পাৰিবাৰিক কাজিয়া যি সাধাৰণতে সকলো বিবাহিত দম্পতীৰ মাজত সংঘটিত হয়। এয়া বিবাহ বিচ্ছেদ নহয়। সংসাৰ চলাবলৈ ধৈৰ্য লাগে।"
ধনুষৰ পিতৃয়ে লগতে কয়, "ধনুষ আৰু ঐশ্বৰ্য বৰ্তমান চেন্নাইত নাই। দুয়ো হায়দৰাবাদত আছে। মই দুয়োৰে সৈতে ফোনত কথা পাতিছিলো আৰু তেওঁলোকক কিছু পৰামৰ্শ দিছোঁ, চাওঁচোন কি হয়গৈ। উল্লেখ্য যে ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। ডেৰ বছৰ ডাঙৰ ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। তেওঁলোকৰ অনুৰাগীসকলে দুয়ো যাতে পুনৰ এক হৈ থাকে তাকেই কামনা কৰিছে।
আৰু পঢ়কঃ জোঁৱাইলৈ মৰম! ৩৬৫ বিধ ব্যঞ্জনৰে জোঁৱাইক আদৰ-সাদৰ কৰি খুৱালে শাহুৱে
Leave A Comment