comScore
  • পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰা হোটেলখন কিনি নিজৰ কৰিলে এইজন ছুপাৰষ্টাৰে!

    মনোৰঞ্জন
    পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰা হোটেলখন কিনি নিজৰ কৰিলে এইজন ছুপাৰষ্টাৰে!
    ডিজিটেল ডেস্কঃ বলীউডৰ ষ্টাৰসকলৰ জীৱন শৈলী দেখি সাধাৰণ লোকৰ চকুত চমক লাগে যদিও সেইখিনি অৰ্জন কৰিবৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হয়। বলীউডৰ এগৰাকী তাৰকা অভিনেতাই সেইখন হোটেলকে কিনি পেলালে যিখন হোটেলত তেওঁৰ দেউতাকে চাফাইকৰ্মীৰ কাম কৰিছিল। ৯০ ৰ দশকত বলীউডত একচন হিৰ' হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল এজন বলীষ্ঠ অভিনেতাই। সেই অভিনেতাজন আন কোনো নহয়। তেওঁৰ নাম সুনীল ছেট্টী।



    আজিৰ তাৰিখত সুনীল ছেট্টীৰ নাম,যশ,টকা-পইচা,সম্পদ,খ্যাতিৰ কোনো অভাৱ নাই। কিন্তু বহুলোকেই নাজানে কিমান সংগ্ৰাম, সংঘৰ্ষ পাৰ কৰি আহি তেওঁ এই স্থানত উপনীত হৈছেহি। সুনীলে কয় যে, পূৰ্বতে তেওঁলোকৰ জীৱন একেবাৰে সহজ নাছিল। তেওঁৰ পিতৃয়ে হোটেলত চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলৰ পিতৃয়ে সন্তানক শিকাইছিল ''তুমি কাম ডাঙৰ কৰা বা সৰু কৰা সদায় নিজৰ কামক লৈ গৰ্ব কৰিবা কাৰণ তুমি যথেষ্ট পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰিছা। কোনো কামকে লৈ লাজ নকৰিবা, যদিহে সেই কাম সৎ পথৰ হয়।''



    সুনীল ছেট্টীয়ে নিজ পিতৃক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰে। সুনীলে সেইখন হোটেল কিনি নিজৰ নামত কৰিলে যিখন হোটেলত তেওঁৰ পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰিছিল। সুনীলক যেতিয়াই সোধা হয়-''আপোনাৰ প্ৰিয় হিৰ' বা নায়ক কোন?'' সেই প্ৰশ্নৰ উত্তৰত সুনীলে সদায় এটাই কথা কয়-'মোৰ দেউতা'।

    [caption id="attachment_125811" align="aligncenter" width="240"] সুনীলৰ পিতৃৰ কোলাত সুনীল পু্ত্ৰ আহান[/caption]

    উল্লেখ্য যে সুনীল চেট্টীয়ে নিজ কেৰিয়াৰত ১০০খনতকৈও বেছি চিনেমাত অভিনয় কৰিছে। ইয়াৰে সৰহসংখ্যক চিনেমা একশ্যনধৰ্মী আৰু কমেডী চিনেমা। তেওঁ ১৯৬১ চনৰ ১১ আগষ্টত কৰ্ণাটকৰ মুল্কিত জন্মগ্ৰহণ কৰিছিল। পত্নী মানা চেট্টী আৰু কন্যা আথিয়া, পুত্ৰ আহানৰ সৈতে সুনীল চেট্টীৰ আছে এখন সুখৰ সংসাৰ।

    আৰু পঢ়কঃ তিনিচুকীয়াত অঘটন! পেৰাগ্লাইডিং কৰি থাকোতে ওপৰৰ পৰা সৰি পৰি যুৱকৰ কৰুণ মৃত্যু
    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet