• পেণ্টৰ ওপৰত সোণৰ প্ৰলেপ : গ’ল্ড স্মাগলাৰৰ নতুন কৌশল

    মনোৰঞ্জন
    পেণ্টৰ ওপৰত সোণৰ প্ৰলেপ : গ’ল্ড স্মাগলাৰৰ নতুন কৌশল

    তিৰুৱনন্তপুৰম : আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহৰ অন্যতম মূল ক’ৰিডৰ পৰিণত হৈছে কেৰালা। বিভিন্ন সময়ত কেৰালাত জব্দ হৈছে এনেদৰে সৰবৰাহ কৰাৰ চেষ্টা কৰা সোণ। নতুন নতুন কৌশলেৰে সোণ সৰবৰাহৰ ব্যৱস্থা কৰিছে এইসকল চোৰাং সৰবৰাহকাৰীয়ে। সোমবাৰে পুৱা পুৱাৰ জব্দ কৰা হ’ল অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বৃহৎ পৰিমাণৰ সোণ। এয়াৰ ইণ্টালিজিন্স ইউনিট আৰু কাষ্টম বিভাগে ৩০২গ্ৰাম সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে জব্দ কৰে।





    ১৪ লাখ টকা দামৰ এই সোণখিনি এজন সৰবৰাহকাৰীয়ে বিশেষ কৌশলেৰে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সাধাৰণতে অলংকাৰ বা বিস্কুটৰ আকাৰত এই মূল্যৱান সম্পদবিধ সৰবৰাহ কৰাৰ চেষ্টা কৰি আহিছিল যদিও এইবাৰ পেষ্টেল ৰূপ দি এই সোণ সৰবৰাহ কৰা চেষ্টা কৰিছিল লোকজনে। লোকজনে তেওঁ পিন্ধা পেণ্টত এই সোণৰ প্ৰলেপ সানি তাক সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সংবাদ প্ৰতিষ্ঠান এএনআই-এ ইয়াৰ ছবি প্ৰকাশ কৰিছে।





    এএনআইত প্ৰকাশ পোৱা মতে, এটা পেণ্টৰ ওপৰত সোণৰ প্ৰলেপ সানি লোকজনে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল। এএনআই-এ প্ৰকাশ কৰা আলোকচিত্ৰত দেখা গৈছে কিদৰে এই সোণৰ হালধীয়া বৰণ পেণ্টটোৰ ওপৰত জিলিকি আছে। কিন্তু এই কৌশল সফল নহ’ল সৰবৰাহকাৰীৰ। এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটে কান্নুৰ বিমানবন্দৰৰ পৰা এনেদৰে সৰবৰাহ কৰবিলৈ চেষ্টা কৰা ৩০২গ্ৰাম সোণ জব্দ কৰে।