ডিজিটেল ডেস্কঃ
বলীউড জোকাৰি যোৱা এটা নাম-অৰূণা ইৰাণী। এগৰাকী মাতৃৰ পৰা প্ৰেমিকালৈকে, নায়িকাৰ পৰা লাস্যময়ী অভিনেত্ৰীলৈকে, বলীউডে প্ৰতিটো চৰিত্ৰতে দেখিছে তেওঁক। ছয় দশকজোৰা অভিনয় জীৱনত দৰ্শকে তেওঁক নায়ক-নায়িকাৰ এগৰাকী মাতৃ হিচাপেই জানে। এসময়ত পৰ্দাত দৰ্শকৰ মনজয় কৰা অৰুণা ইৰাণীয়ে সেই দিশটো কিদৰে বিবেচনা কৰে?
শেহতীয়াকৈ এক সাক্ষাৎকাৰত, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিছে। দৰ্শকে একেগৰাকী অভিনেত্ৰীক সম্পূৰ্ণ বিপৰীত চৰিত্ৰত কেনেদৰে ভাল পায়? কিদৰে ল’ব পাৰে আদৰি? এই কথাই আজিয়ো হেনো আচৰিত কৰি তোলে অভিনেত্ৰীগৰাকীক। সেই সন্দৰ্ভত ক’বলৈ গৈ অৰূণা ইৰাণীয়ে সঞ্জয় দত্তৰ উদাহৰণ দাঙি ধৰিছিল।
স্মৰ্তব্য যে, সঞ্জয়ৰ প্ৰথম ছবি 'ৰকী'ত অৰূণাই তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। সঞ্জয়ৰ সৈতে দ্বিতীয় খন ছবি 'জনী আই লাভ ইউ'ত সেই অৰূণাই হৈছিল সঞ্জয়ৰ লাস্যময়ী প্ৰেমিকা! তেওঁ কয়, ‘বলীউডৰ বেছিভাগ অভিনেতাৰ সৈতে মই কাম কৰিছো। সঞ্জয় তেওঁলোকৰ মাজৰ এজন। তেওঁৰ প্ৰথম ছবিত মই সঞ্জয়ৰ মাতৃ আছিলো আৰু পৰৱৰ্তী ছবিখনত মই প্ৰেমৰ প্ৰলোভন দিছিলো সঞ্জয়ক! দৰ্শকে কেনেকৈ একেজন ব্যক্তিক এনে বিপৰীত চৰিত্ৰত গ্ৰহণ কৰি ল’ব পাৰে তাক মই আজিও বুজি নাপালো।’
মন কৰিবলগীয় যে, অৰূণাই ১৯৬১ চনত 'গংগা যমুনা' ছবিখনত শিশু শিল্পী হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিছিল।এতিয়ালৈকে ৫০০ তকৈও অধিক ছবিত কাম কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। কেৰিয়াৰৰ আৰম্ভণিতে, অভিনেত্ৰীগৰাকীয়ে বিভিন্ন চৰিত্ৰৰে খলকনি তুলিছিল অৰূণাই। বলীউডত খোজ থোৱাৰ পাছত এগৰাকী মাতৃ বা দণ্ডুৰী শাহুৰ চৰিত্ৰত অধিক জনপ্ৰিয় হৈ পৰিছিল অৰূণা ইৰাণী। সেয়া যি কি নহওক, অভিনেত্ৰীগৰাকীৰ শেহতীয়া এই বাৰ্তালাপ অনুৰাগীৰ মাজতো বেছ জনপ্ৰিয় হৈ পৰিছে।
Leave A Comment