• ফীয়েৰ অৱ মিছিং আউট : এইবাৰ অ'টিটি প্লেটফৰ্মত কিং খান!

    মনোৰঞ্জন
    ফীয়েৰ অৱ মিছিং আউট : এইবাৰ অ'টিটি প্লেটফৰ্মত কিং খান!

    ডিজিটেল ডেস্ক : 'দীৱানা'ৰ পৰাই অনুৰাগীক দীৱানা কৰি ২৯ বছৰ ধৰি বলীউডত ৰাজত্ব কৰি আছে কিং খান শ্বাহৰুখে। প্ৰথম ছবিতেই ফিল্ম ফেয়াৰ এৱাৰ্ড জয় কৰা শ্বাহৰুখে সদায় অন্তৰ জয় কৰি আহিছে তেওঁৰ অনুৰাগীৰো।





    বিগত বৰ্ষত কৰ'নাই বিশ্বৰ ৰূপৰেখা সলনি কৰাৰ পৰাই বাৰুকৈয়ে প্ৰভাৱিত হৈছে সমগ্ৰ বলীউডজগত। ছবিগৃহবোৰ বন্ধ হৈ পৰা বাবে অভিনয়জগতৰ কলা-কুশলী ঢাপলি মেলিছে অ'টিটি প্লেটফৰ্মলৈ।
    ৰূপালী পৰ্দা এতিয়া অতীত। ডিজিটেল ইণ্ডিয়াত আধিপত্য বিস্তাৰ কৰিছে অ'টিটি প্লেটফৰ্মে। আনকি ২০২০ চনত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰো অভিষেক ঘটিছিল ডিজিটেল প্লেটফৰ্মত।





    শনিবাৰে ছ'চিয়েল মিডিয়াত বলীউড বাদশ্বাহ শ্বাহৰুখ খানে এটা ভিডিঅ' শ্বেয়াৰ কৰে। 'হমমম… পিকচাৰ টো অভি বাকী হ্যে… মেৰে দোস্তো…' শীৰ্ষক কেপশ্যনেৰে শ্বাহৰুখে শ্বেয়াৰ কৰে ভিডিঅ'টো। ডিজনী+হটষ্টাৰৰ আত্মপ্ৰকাশ কৰা শ্বাহৰুখৰ ভিডিঅ'টোৱে তেওঁৰ অনুৰাগীসকলক কৌতুহলী কৰাৰ লগতে দিছে আশাৰ বতৰা। কৰণ যোহৰ আৰু ৰণবীৰ সিঙেও শ্বেয়াৰ কৰে শ্বাহৰুখৰ অ'টিটি সম্পৰ্কীয় বিশেষ ভিডিঅ'টো।