ডিজিটেল ডেস্কঃ
ছলমান, শ্বাহৰুখ আৰু হৃত্বিক ৰোশন। এই তিনিজন বলিউড ছুপাৰষ্টাৰৰ আছে এখন সুকীয়া পৃথিৱী। এই তিনিওজন তাৰকা যদি ৰূপালী পৰ্দাত একেলগে দেখিব পোৱা যাব বুলি কওঁ, নিশ্চয়কৈ কথাটো শুনিবলৈ আপোনাৰ কোনোবাখিনিত আচহুৱা লাগিব। কিয়নো তিনিওজন তাৰকাৰে আছে অসংখ্য অনুৰাগী, এখন নিজৰ পৃথিৱী। কিন্তু শেহতীয়াকৈ এক খবৰ আহিছে যে তিনিজন চুপাৰষ্টাৰক একেখন পৰ্দাত একেলগে দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
এইবাৰ শ্বাহৰুখ খানৰ
ছবিত দেখা পোৱা যাব ছলমান খানক । শ্বাহৰুখক চলমান খানৰ ছবি টাইগাৰ ৩ত এটা কেমিঅ' চৰিত্ৰত দেখা পোৱা যাব। আনহাতে শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ত এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিব ছলমানে। সিদ্ধাৰ্থ আনন্দে নিৰ্দেশনা কৰা শ্বাহৰুখৰ ছবিখনত ছলমানৰ অভিনয়ৰ বাবে পৰিচালকে সেউজ সংকেত দিছে বুলি জানিব পৰা গৈছে। আন এক সূত্ৰই প্ৰকাশ কৰা মতে, ঋত্বিক ৰোছনেও ছলমানৰ সৈতে 'পাঠান'ত অতিথি শিল্পী হিচাপে দেখা দিব। ছবিখনত জন আব্ৰাহাম আৰু দীপিকা পাডুকনে ভূমুকি মৰাৰো সম্ভাৱনা আছে ।
নেটিজেনসকলে কয় যে এই তিনিটা চৰিত্ৰক অনস্ক্ৰীণত দেখা পোৱাটো দৰ্শকৰ বাবে এভেঞ্জাৰ আৰু গেমৰ দৰে হ'ব। য'ত সকলো নায়ক একেলগে থাকিব। পৰিচালক আদিত্য চোপ্ৰাই কয় যে দৰ্শকসকলে এই চিনেমাখনৰ বাবে অধিক আগ্ৰহৰে বাট চাই আছে। দেশৰ তিনিজন মেগাষ্টাৰ একেখন পৰ্দাতে দেখা পোৱাটো ভাৰতবাসীৰ বাবে পৰম সৌভাগ্য আৰু ই নিশ্চিতভাৱে এখন ব্লকবাষ্টাৰ ছবি হ'ব।
Leave A Comment