ডিজিটেল ডেস্কঃ
বলীউডত বিস্ফোৰণ! এই বিস্ফোৰণ পাছে আপুনি-মই ভবাৰ দৰে নহয়। ছবি কেন্দ্ৰিক বিস্ফোৰণে জোকাৰি গৈছে বলীউডক। ইখনৰ পাছত সিখন ছবিৰ অবাধ দৌৰাত্ম্যই দৃষ্টি কাঢ়িছে অগণিত অনুৰাগী তথা সাধাৰণ শ্ৰোতা-দৰ্শকৰ। ‘গংগুৱাঈ কাঠিয়াৱাড়ী' ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইবাৰ প্ৰভাস আৰু পূজা হেগড়েৰ প্ৰথম যুটিটোৱে মাত্ৰ ৩ দিনতে ১৫১ কোটি টকাৰ ব্যৱসায়েৰে দৃষ্টি কাঢ়িছে সকলোৰে। প্ৰশংসাৰ সমান্তৰালকৈ সমালোচনাৰ তীক্ষ্ণ বাক্যবাণো নিক্ষেপ কৰা হৈছে ছবিখনৰ প্ৰযোজক-পৰিচালকলৈ। পাছে সমালোচিত হোৱা স্বত্বেও, প্ৰযোজক-পৰিচালকৰ মুখত যুদ্ধত জয়ৰ বৰণীয়া হাঁহি আনি দিছে ‘ৰাধে শ্যাম' ছবিখনে । বলীউডৰ খবৰ অনুসৰি, মুক্তিৰ পূৰ্বেই এই ছবিখনে ছেটেলাইট আৰু ডিজিটেল মাধ্যমত ২০০ কোটিৰ উপাৰ্জন কৰিছে ‘ৰাধে শ্যাম’-এ।
দৰ্শকৰ মণিকূটত ছবিখনৰ এনে সমাদৰ পোৱাত নথৈ আনন্দিত
কলা-কুশলী। প্ৰভাসে হয়তো নিজেও অনুভৱ কৰা নাছিল যে, প্ৰথমখন ছবিতেই তেওঁৰ আৰু পূজাৰ যুটিটোক এনেদৰে আদৰি ল’ব দৰ্শকে। লক্ষণীয়ভাৱে 'বাহুবলী'ৰ পাছতে প্ৰভাস অভিনীত এই ছবিখনে পাইছে বিপুল জনপ্ৰিয়তা।
ইয়াৰোপৰি, ছবিখনত কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ ইটালী, জৰ্জিয়া আৰু হায়দৰাবাদত কৰা হৈছিল। উল্লেখ্য যে, ১১ মাৰ্চত মুক্তি পাইছিল গুলছন কুমাৰ আৰু টি-ছিৰিজৰ 'ৰাধে শ্যাম'। ইউভি ক্ৰিয়েচনৰ দ্বাৰা প্ৰযোজিত, ৰাধা কৃষ্ণ কুমাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ সম্পাদক কোটাগিৰি ভেঙ্কটেশ্বৰ ৰাও। প্ৰযোজক ভূষণ কুমাৰ।
Leave A Comment