ডিজিটেল ডেস্কঃ
'পাঠান'ৰ জৰিয়তে ৰূপালী পৰ্দাত জুই জ্বলাবলৈ আহি আছে দীপিকা পাডুকন।
স্বামীৰ কথাকে সত্য প্ৰমাণিত কৰিবলৈ ওলাইছে দীপিকাই। অন্ততঃ অনুৰাগীসকলে তেনেকোৱাই অনুমান কৰিছে। বৃহস্পতিবাৰে দীপিকাৰ এখন ফটো ইনষ্টাগ্ৰামত আপলড হোৱাৰ পাছতে আৰম্ভ হৈছে যাৱতীয় চৰ্চা। হালধীয়া মনোকিনি পিন্ধি লাস্যময়ী ৰূপত বন্দী 'গেহৰাইয়াৰ' অভিনেত্ৰী। এয়া সাগৰ পাৰত অৱসৰৰ বিনোদনৰ দৃশ্য বুলি ভাবি আপুনি ভুল নকৰিব। দীপিকা ব্যস্ত স্পেইনত 'পাঠান'ৰ দৃশ্যগ্ৰহণক লৈ। সম্ভৱতঃ সেই ছবিখনৰে কোনো এটা দৃশ্যৰ বাবে মনোকিনি পৰিধানৰত অৱস্থাত ধৰা দিছে দীপিকাই।
কেৱল দীপিকাই নহয়, হালধীয়া মনোকিনিত মন মজিছে কৰীণা কাপুৰ খানৰো। বৰ্তমান কৰীণা মালদ্বীপত আছে। অৱসৰ উদযাপন কৰিছে কাপুৰ কন্যাই। লগত আছে ভগ্নী কৰিশ্মা কাপুৰ আৰু বান্ধৱী নাতাশা পুনাৱালা। তাতেই হালধীয়া মনোকিনিৰ ভাঁজত জলক্ৰীড়াত ব্যস্ত কৰীণা-কৰিশ্মা। সাগৰ নীলা পানীত আত্মহাৰা, উচ্ছসিত ছেইফ পত্নী। সাগৰৰ শীতলতাত ম্লান পৰিছে গৰমে ধোৱা শৰীৰৰ উষ্ণতা। এইবাৰ বিকিনি নহয়, সময় মনোকিনিৰ! নায়িকাসকলৰ পছন্দত তেনে আভাসেই পোৱা নাই নে?
Leave A Comment