• বিগ বিৰ প্ৰশ্নবানঃ হটছিটত দ্য গ’ল্ডেন বয়

    মনোৰঞ্জন
    বিগ বিৰ প্ৰশ্নবানঃ হটছিটত দ্য গ’ল্ডেন বয়

    নতুন দিল্লীঃ দেশবাসীৰ সপোন ইতিমধ্যে পূৰণ কৰিছে নীৰজ চোপ্ৰাই। এতিয়া এটা এটাকৈ নিজৰ সপোনবোৰ পূৰণ কৰি আছে স্বৰ্ণজয়ী ভাৰতীয় এথলীটগৰাকীয়ে। পিতৃ-মাতৃৰ সৈতে আকাশীযানেৰে যাত্ৰা কৰাৰ পাছত পোনপটীয়াকৈ অমিতাভ বচ্চনৰ মুখামুখি হ’ব দ্য গ’ল্ডেন বয়। বিগ বিৰ প্ৰশ্নৰ সন্মুখীন হ'ব জেভলিন থ্ৰ'য়াৰ নীৰজে। নীৰজ চোপ্ৰাই চলিত সপ্তাহত কেবিচিৰ শুক্ৰবাৰৰ খণ্ডটোত উপস্থিত থাকিব। তেওঁৰ লগতে অনুষ্ঠানটোত আন এজন পদক বিজয়ী অলিম্পিয়ান পি আৰ শ্ৰীজেশো উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে। ‘কৌন বনেগা কৰোড়পতি’ৰ বিশেষ খণ্ডটো চাবলৈ বাট চাই আছে দৰ্শকসকল।





    কেবিচিৰ শানদাৰ শুক্ৰবাৰৰ নতুন প্ৰ'ম' দেখি উৎসাহিত হৈ পৰিছে দৰ্শক। অনুষ্ঠানটো জাকত-জিলিকা হোৱাৰে ইংগিত বহন কৰিছে শেহতীয়া প্ৰম’টোৱে । নীৰজ আৰু শ্ৰীজেশৰ প্ৰৱেশেৰে আৰম্ভ হোৱা প্ৰম'টো, অনুষ্ঠানটোৰ সঞ্চালক অমিতাভ বচ্চনৰ 'হিন্দুস্তান জিন্দাবাদ'ৰ সৈতে সামৰণি পৰে। এই খণ্ডটো সম্প্ৰচাৰিত হ’ব ১৭ ছেপ্টেম্বৰত। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেবিচিৰ প্ৰম’টো। উল্লেখ্য যে, কেবিচিত প্ৰতি শুক্ৰবাৰে অমিতাভ বচ্চনৰ বিপৰীতে হট চিটত দেশৰ বিভিন্ন প্ৰান্তৰ চেলিব্ৰেটীসকল উপস্থিত থাকে।





    বিগত সপ্তাহটোত দীপিকা পাডুকন আৰু ফাৰাহ খান বিগ বি-ৰ সৈতে শুক্ৰবাৰৰ খণ্ডটোত উপস্থিত আছিল।ইয়াৰ পূৰ্বৰ খণ্ডত সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগ উপস্থিত আছিল। স্বাভাৱিকতে কেবিচিৰ শুক্ৰবাৰৰ খণ্ডবোৰ জীৱনৰ বহু অকথিত গল্প আৰু ধেমালিৰে ৰোমাঞ্চকৰ হৈ উঠিছে। আনহাতে, চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা ‘কৌন বনেগা কৰোড়পতি’ চিজন-১৩ আৰম্ভ হৈছে। আগ্ৰাৰ হিমানী বুন্দেলা চলিত ছিজনৰ প্ৰথম কোটিপতি হিচাপে কৃতিত্ব অৰ্জন কৰিছে।