• বিতৰ্কত ‘বিগ বছ’, কৰণ জোহৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

    মনোৰঞ্জন
    বিতৰ্কত ‘বিগ বছ’,  কৰণ জোহৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

    নতুন দিল্লীঃ প্ৰথমবাৰৰ বাবে বলীউড অভিনেতা ছলমান খানৰ দ্বাৰা উপস্থাপন কৰা ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ প্ৰচাৰ আৰম্ভ হৈছে অ’টিটি প্লেটফৰ্মত। কিন্তু ছলমান খানৰ অনুপস্থিতিয়ে হতাশ কৰিছে ভাইজান অনুৰাগীক। জানিবলৈ পোৱা মতে, ছলমান খানে চলিত বৰ্ষৰ অনুষ্ঠানটিৰ প্ৰেজেণ্টেশ্যন দিবলৈ বাকী আছে। অনুষ্ঠানটো অ’টিটি প্লেটফৰ্মত প্ৰথম ৬সপ্তাহৰ বাবে প্ৰচাৰ কৰা হ’ব।





    ছলমানৰ পৰিৱৰ্তে এইবাৰ ‘বিগ বছ’ৰ প্ৰতিটো খণ্ড বলীউডৰ প্ৰযোজক আৰু সঞ্চালক কৰণ জোহৰে পৰিচালনা কৰিছে। এতিয়ালৈকে অ'টিটিত মুক্তি পোৱা দুটা খণ্ডত কৰণ জোহৰে ছলমান খানক অনুকৰণ কৰা বুলি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। শেহতীয়াকৈ ছলমানৰ অনুৰাগীসকলে খৰ্গহস্ত হৈ পৰিছে কৰণ জোহৰৰ ওপৰত। আনকি প্ৰতিযোগীসকলে বলীউডৰ প্ৰযোজকগৰাকীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগো উত্থাপন কৰিছে। উল্লেখ্য যে, অনুষ্ঠানটোৱে অ’টিটি প্লেটফৰ্মত ৬সপ্তাহ অতিবাহিত কৰাৰ পাছত দূৰদৰ্শনত সম্প্ৰচাৰিত হ’ব।