ডিজিটেল ডেস্কঃ
চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ মতে 'দ্য কাশ্মীৰ ফাইলছ'-এ এতিয়ালৈকে ভাৰতত ১৯০ কোটি টকাৰ ব্যৱসায় কৰিছে। ২০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰাৰ দিশে ছবিখন। ব্যৱসায়ৰ দিশৰ পৰা ছবিখনে অভূতপূৰ্ব সফলতাৰ মুখ দেখিলেও ছবিখনক লৈ অব্যাহত আছে তুমুল বিতৰ্কৰ। আমীৰ খান, নানা পাটেকাৰৰ পাছত এইবাৰ মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ মন্তব্য কৰিছে। হিন্দী টেলিভিছনৰ অভিনেত্ৰীগৰাকীৰ এই মন্তব্যই সম্প্ৰতি সকলোৰে দৃষ্টি কাঢ়িছে।
স্মৰ্তব্য যে, বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনে ১১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালৰ ওপৰত কেনেদৰে অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালকে। ছবিখনত মিথুন চক্ৰৱৰ্তীয়ে আইএএছ বিষয়া ব্ৰহ্ম দত্তৰ চৰিত্ৰত অভিনয় কৰিছে। সকলো ঘটনাৰ অন্যতম সাক্ষী হিচাপে চৰিত্ৰটোৰে দেখুওৱা হৈছে।
মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদলছা শৰ্মাই কয়, ‘ছিৰিয়েলৰ শ্বুটিঙত ব্যস্ত থকাৰ বাবে এতিয়ালৈকে মই চিনেমাখন চাব পৰা নাই। 'দ্য কাশ্মীৰ ফাইলছ' সম্পৰ্কে বিয়পি পৰা নেতিবাচক কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই মাদলছাই। তেওঁ কয়, ‘ছবিখন তথ্যসমৃদ্ধ আৰু সুন্দৰভাৱে তৈয়াৰ কৰা হৈছে। আৰু অভিনেতাসকলে অসাধাৰণ অভিনয় কৰিছে।’
অভিনেত্ৰী শীলা শৰ্মাৰ জীয়ৰী মাদালছা। ২০০৯ চনত তেলেগু চলচ্চিত্ৰ 'ফিটিং মাষ্টাৰ'ৰ জৰিয়তে গ্লেমাৰ জগতত প্ৰৱেশ কৰিছিল তেওঁ। ইয়াৰোপৰি 'এঞ্জেল', 'প্যাসা হো প্যাসা'ৰ দৰে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ। অৱশ্যে, ডাঙৰ পৰ্দাত এতিয়াও বিশেষ সফলতা লাভ কৰা নাই মিথুনৰ বোৱাৰীয়ে। মাদলছা এতিয়া সৰু পৰ্দাত মনোনিবেশ কৰিছে। সম্প্ৰতি 'শ্ৰীময়ী'ৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হিন্দী ধাৰাবাহিক 'অনুপমা'ত কাব্যৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ। উল্লেখ্য যে, মাদলছা ২০১৮ চনত মিথুনৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
Leave A Comment