ডিজিটেল ডেস্ক:
বিবাহ বিচ্ছেদ হ’ব ৰাখী সাৱন্তৰ! শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰাখী সাৱন্তে নিজৰ বৈবাহিক জীৱনৰ কিছু কথা ব্যক্ত কৰিছিল৷ এই সাক্ষাৎকাৰত ৰাখীয়ে স্বামী ৰিতেশৰ সৈতে হোৱা পাৰিবাৰিক সংঘাতৰ কথা উল্লেখ কৰিছিল৷ লগতে কৈছিল এতিয়া ৰিতেশৰ সৈতে তেওঁ সহবাস নকৰে৷
ৰাখী হৈছে বলীউডৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যশিল্পী৷
ৰাখী সাৱন্ত কেৱল নৃত্যশিল্পীয়েই সৰু পৰ্দাতো আছে বিশেষ দখল৷ টেলিভিছনৰ পৰ্দাৰ এগৰাকী অতি প্ৰিয় তাৰকা তেওঁ। ৰাখীৰ আছে সহস্ৰজন গুণমুগ্ধ৷ তেওঁ অলপতে স্বামী ৰীতেশৰ সৈতে বিগ বছ-১৫ত অংশগ্ৰহণ কৰিছিল। কিছুদিনৰ পূৰ্বেই সমাপ্ত হ’ল বিগ বছ ছিজন-১৫৷ শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত ৰিতেশ আৰু ৰাখীৰ সম্পৰ্কৰ কথা ব্যক্ত কৰে৷ তেওঁ ৰিতেশক বৈবাহিক বান্ধোনৰ পৰা মুক্ত কৰি দিবও পাৰে৷ ৰাখীয়ে কৈছে যে তেওঁ আৰু ৰীতেশ এতিয়া কেৱল ভাল বন্ধুহে। আইনী আনুষ্ঠানিকতাৰহে বাকী বুলিও সদৰী কৰে অভিনেত্ৰীগৰাকীয়ে৷
ৰাখীয়ে পাৰ কৰিছিল বহু কঠিন সময়৷ যাৰফলত টেলিভিছনৰ বিভিন্নৰ শ্ব’ৰ পৰা তেওঁ বিৰত আছিল৷ আনহাতে বিগ বছ-১৫ত আধাতেই সামৰিব লগীয়া হৈছিল ৰাখীৰ যাত্ৰা৷ যাৰ ফলত তেওঁ ভাঙি পৰিছিল৷
তেওঁ কৈছিল যে তেওঁ বিগ বছ-১৫ৰ ফাইনেলত যাবলৈ যোগ্য আছিল৷ ৰশ্মি দেশাই, নিশান্ত ভট্ট, আৰু শমিতা চেট্টীয়ে তেওঁক অতিক্ৰম কৰা নাছিল। তেজস্বীৰ বিজয়ত আনন্দ প্ৰকাশ কৰি ৰাখীয়ে কয় যে, ‘তেজস্বী জিকাটো বিচাৰিছিলো।’ সম্প্ৰতি ৰাখী সাৱন্তে ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে, তেওঁৰ মতে, ছলমান খানে তেওঁক ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল।
Leave A Comment