আঞ্চলিক
ডিজিটেল ডেস্কঃ অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত বলীউডৰ বহু চৰ্চিত বিয়াখন হ'লগৈ। বিকি কৌশলৰ জীৱনৰ লগৰী হৈ গৃহলক্ষ্মী হ'ল মোহময়ী কেটৰিনা কাঈফ। ৯ ডিচেম্বৰত এই দুই তাৰকাই যুগ্ম জীৱনৰ পাতনি মেলে। বিয়াখন পাতিলে ঠিকেই…এতিয়া ঘৰখনো পাতিব লাগে। সপোনৰ সংসাৰখনৰ পাতনি ক'ত মেলিব তাকে লৈ নানা পৰিকল্পনা বিকৰিনা অৰ্থাৎ বিকি আৰু কেটৰিনাৰ। এইখিনিতে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল হৈ পৰিছে।
অনুষ্কাই বিকি-কেটৰিনাৰ বিবাহক শুভকামনা জ্ঞাপন কৰি কয় ''দুয়োজন ধুনীয়া মানুহক অলেখ শুভকামনা। প্ৰেম আৰু বুজাপৰাৰ মাজেৰে দুয়ো চিৰজীৱনৰ কাৰণে সুখী হোৱা। এইটো অতি আনন্দৰ কথা যে দুয়ো বিবাহপাশত আৱদ্ধ হ'লা। এতিয়া সোনকালেই তোমালোকৰ নতুন ঘৰটোলৈ আহা.. যাতে আমি আৰু ঘৰ নিৰ্মাণ কৰি থকাৰ শব্দবোৰ শুনি থাকিবলগীয়া নহয়।'' শেষৰ কথাটো কওঁতে অনুষ্কাই দুটা ফানী ই'মজীও ব্যৱহাৰ কৰিছে। এই ইনষ্টা পোষ্টটোত অনুষ্কাই বিকি আৰু কেটৰিনাক টেগো কৰিছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে বিৰুষ্কা অৰ্থাৎ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ওচৰ-চুবুৰীয়া হ'ব নৱ দম্পতী বিকি আৰু কেটৰিনা।
উল্লেখ্য যে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক অনুৰাগীসকলে যেনেদৰে 'বিৰুষ্কা' বুলি মৰমত মাতে ঠিক তেনেদৰে বিকি আৰু কেটৰিনাকো অনুৰাগীসকলে 'বিকৰিনা' বুলি মাতিবলৈ লৈছে। কিছুমানে 'বিক্যেট' বুলিও মাতে। মুঠৰ ওপৰত 'বিকৰিনা' 'বিৰুষ্কা'ৰ ওচৰ-চুবুৰীয়া হ'বলৈ গৈ থকা খবৰটোৱে সুখী কৰি তুলিছে তেওঁলোকৰ অনুৰাগীসকলক। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী মুম্বাইৰ অভিজাত এলেকা জুহুৰ এটা সাগৰমুখী বিলাসী অট্টালিকাত বাস কৰে। বিকি আৰু কেটৰিনাই একেটা অট্টালিকাৰে অষ্টম মহলাটো পাঁচ বছৰৰ বাবে ভাড়ালৈ লৈছে। এই ৫,০০০ বৰ্গফুটৰ এপাৰ্টমেণ্টৰ ভাড়া হৈছে প্ৰতি মাহে ৯ লাখ টকা। উল্লেখ্য যে অনুষ্কা শৰ্মা আৰু কেটৰিনা কাঈফে 'জব তক হে জান' আৰু 'জিৰো'ত একেলগে অভিনয় কৰিছিল। তেতিয়াৰে পৰা দুয়োৰে মাজত আছে এক বন্ধুত্বসুলভ সম্পৰ্ক।
আৰু পঢ়কঃ ‘কাচা বাদাম’ গাই জনপ্ৰিয় হোৱা ভুৱন বাদ্যকৰ এইবাৰ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত!
Leave A Comment