ডিজিটেল ডেস্ক :
ভাংৰাত পাঞ্জাৱীসকলৰ আবেগ জড়িত হৈ আছে৷ যিদৰে বিহু বুলিলে অসমীয়া ৰ'ব নোৱাৰে থিক তেনেদৰে ভাংৰা বুলিলে ৰৈ থাকিব নোৱাৰে পাঞ্জাৱীসকল৷ এপাক নানাচাকৈ কেনেকৈ থাকিব? তেনে এক ভাইৰেল ভিডিঅ'ই বিমুগ্ধ কৰিছে সকলোকে৷
ঢোলৰ শব্দৰ প্ৰতি অকৃত্ৰিম ভালপোৱা খবৰ সময়ে
সময়ে পোৱা যায়। এইবাৰ এগৰাকী পাঞ্জাৱী মহিলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল৷ অৱশ্যে মহিলাজনীৰ বয়স আছিল ৫০ৰো উৰ্দ্ধত৷ তেওঁ পাকঘৰত কৰা ভাংৰা নৃত্যই সকলোকে বিমুগ্ধ কৰি তোলে৷ জানিব পৰা মতে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে হঠাতে ঢোল আৰু বুম বক্স লৈ ঘৰত প্ৰৱেশ কৰিছিল।
ভিডিঅ'টো কেলিফৰ্ণিয়াস্থিত এজন সংগীত প্ৰযোজক গগনদীপ সিং আনন্দে পোষ্ট কৰিছিল৷ তেওঁ মাকক ছাৰপ্ৰাইজ দিছিল তেওঁৰ প্ৰিয় 'ঢোল জাগেৰো দা' গীতটোৰ জৰিয়তে৷ যেতিয়া তেওঁ ঢোল বজাই পাকঘৰত প্ৰৱেশ কৰিছিল, তেওঁৰ মাক আনন্দিত হৈ পৰিছিল আৰু হাততালি দি নাচিবলৈ ধৰিছিল। তাৰপাছত ভাংৰা নৃত্যৰে প্ৰদৰ্শন কৰি সকলোকে আপ্লুট কৰি তোলে বৃদ্ধাগৰাকীয়ে। এই ভিডিঅ'টো মুহুৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ বয়স মাত্ৰ এটি সংখ্যা বুলি কোৱাৰ এয়া যেন এক জীৱন্ত উদাহৰণ৷ ভিডিঅ' ক্লিপটোত বৃদ্ধাগৰাকীয়ে ভাংৰা নৃত্য নিখুঁতভাৱে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে।
Leave A Comment