আঞ্চলিক
নতুন দিল্লীঃ বিয়া নহয় বলীউডত এইবাৰ বিবাহ বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মালাইকা অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে বলীউডত। এই খবৰৰ পাছতে হতবাক হৈ পৰিছে অনুৰাগীসকল। কেৱল সেয়াই নহয়, আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে। নীৰৱে, নিজানে অকলশৰে দিন অতিবাহিত কৰিছে মালাইকাই। বিগত বৰ্ষৰ শেষৰ ফালে বিকি কৌশল-কেটৰিনা কাঈফৰ পাছত মালাইকা-অৰ্জুনৰ বিবাহৰো ছেহনাইৰ গুঞ্জন উঠিছিল। অলপতে,মালদ্বীপ ভ্ৰমণলৈ গৈছিল দুয়ো। দুয়োজন তাৰকাৰ ইনষ্টাগ্ৰাম ফটো আৰু ভিডিঅ'ৰে ভৰি পৰিছিল।এটি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰেমৰ বিষয়েও মুকলিকৈ প্ৰকাশ কৰিছিল।
সৰ্বভাৰতীয় এটি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা। অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই। কিন্তু দিনদিয়েক আগতে, বনি-পুত্ৰই তাইৰ নৈশভোজৰ নিমন্ত্ৰণ ৰক্ষা কৰি সম্পৰ্কীয় ভায়েক ৰিয়া কাপুৰৰ ঘৰলৈ গৈছিল। ইয়াৰপূৰ্বেও একাধিক অনুষ্ঠানত অৰ্জুনৰ ছাঁটোৰ দৰে থিয় দিছিল মালাইকাই। ’ তেনেস্থলত এতিয়া মালাইকাই সঁচাকৈয়ে প্ৰিয় প্ৰেমিকৰ পৰা নিজকে আঁতৰাই ৰাখিছে নেকি? অৱশ্যে এই প্ৰসংগত এতিয়ালৈকে কোনো পক্ষই মুকলিকৈ একোকে প্ৰকাশ কৰা নাই। অনুৰাগীৰ মাজতো বৃদ্ধি পাইছে কৌতূহলৰ। বলীউডেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দুয়োজনৰে মন্তব্যলৈ।
Leave A Comment