বাণিজ্য
ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ কমাৰবন্ধাৰ সমীপৱৰ্তী বকলাই নিৱাসী ভৈৰৱ গগৈয়ে নিজৰ ঘৰতে প্রস্তুত কৰা নি
ডিজিটেল ডেস্কঃ অটিটি বিগ বছৰ পৰা জনপ্ৰিয় হৈছিল উৰ্ফী জাভেদ। ছ'চিয়েল মিডিয়াত উৰ্ফী জাভেদ এটা বিতৰ্কিত নাম। তেওঁ পৰিধান কৰা সাজ-পোচাকৰ বাবেই ছ'চিয়েল মিডিয়াত তেওঁ ট্ৰ'লৰ সন্মুখীন হয়। পুনৰ বিতৰ্কত সোমাই পৰিছে উৰ্ফী, এইবাৰ পোচাকৰ বাবে নহয় অন্য এটা কাৰণতহে তেওঁ সংবাদ শিৰোনাম দখল কৰিছে।
ছ’চিয়েল মিডিয়াত প্ৰায়েই ভাইৰেল হৈ থকা উৰ্ফী জাভেদ ইছলাম ধৰ্মৰ যুৱতী। মুছলিম হৈয়ো তেওঁ ইছলাম ধৰ্ম বেয়া পায় আৰু বিশ্বাস নকৰে বুলি মুকলিকৈ প্ৰকাশ কৰিছে ২৬ বছৰীয়া যুৱতীগৰাকীয়ে। উৰ্ফীয়ে কয় যে ''মই মুছলিম যুৱক বেয়া পাওঁ আৰু কেতিয়াও মুছলমান যুৱকৰ সৈতে বিয়াত নবহো। মুছলমান মানুহে সদায়ে মহিলাসকলক নিয়ন্ত্ৰণ কৰি ৰাখিব বিচাৰে।
তেওঁলোকে ভাবে যে মহিলাসকল সদায় পুৰুষৰ অধীন হৈ থাকক। মই ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখীন হওঁ..ইয়াৰে বেছিভাগ ঘৃণনীয় কমেণ্ট মুছলমান মানুহৰ পৰাই মই লাভ কৰোঁ। গতিকে এই ধৰ্মৰ প্ৰতি মোৰ বিশ্বাস একেবাৰে নাই। মুছলমান মানুহে ভাবে যে মই এই ধৰ্মটোৰ ছবি বিনষ্ট কৰি আছো কিন্তু মই কেতিয়াও তেনেধৰণৰ কাম কৰা নাই। ইছলাম ধৰ্মৰ ৰক্ষণশীল ব্যৱস্থাবোৰ মই বিৰোধ কৰো বাবে মোক ট্ৰ'ল কৰে।বৰ্তমান মই গীতা-ভাগৱত অধ্যয়ন কৰি আছো..হিন্দু ধৰ্মৰ বিষয়ে ভালদৰে জানিবৰ বাবে মই গীতা-ভাগৱত পঢ়ি আছো আৰু বহু কথা শিকিছোঁ।'' এই বিতৰ্কিত বক্তব্যৰ বাবে এতিয়া চৰ্চিত হৈ পৰিছে উৰ্ফী জাভেদ।
আৰু পঢ়কঃ ২৫ আউট ২১ ইন! হাৰিয়ানাত সুৰা সেৱনৰ নূন্যতম বয়স ২৫ৰ পৰা ২১ বছৰলৈ হ্ৰাস
Leave A Comment