• মৌনীৰ মোহনীয় ৰূপত মুগ্ধ অনুৰাগী, বৰফৰ উপত্যকাত মনোকিনি পিন্ধি ইণ্টাৰনেটত তুলিছে খলকনি

    মনোৰঞ্জন
    মৌনীৰ মোহনীয় ৰূপত মুগ্ধ অনুৰাগী, বৰফৰ উপত্যকাত মনোকিনি পিন্ধি ইণ্টাৰনেটত তুলিছে খলকনি
    ডিজিটেল ডেস্কঃ হনীমুন পিৰিয়ড উপভোগ কৰিছে অভিনেত্ৰী মৌনী ৰয়ে। বিবাহৰ পাছত, অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি পাইছে বুলি চলিছে চৰ্চা। অভিনেত্ৰীৰ সামাজিক মাধ্যমৰ প’ষ্ট আৰু ছবিবোৰে তেওঁৰ কুশলবাৰ্তাকে বিলোৱা বু‌লি অনুমান কৰি লৈছে অনুৰাগীয়ে। মৌনীয়ে অলপতে ইনষ্টাগ্ৰামত নিজৰ বোল্ড ফটোসমূহ শ্বেয়াৰ কৰিছে। এই ফটোবোৰ এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে। ‘নাগিন’ খ্যাত অভিনেত্ৰীগৰাকীয়ে অলপতে বিবাহপাশত আবদ্ধ হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে কাশ্মীৰত হনীমুনৰ মায়াবী লগ্ন উদযাপন কৰি আছে।



    ছ'চিয়েল মিডিয়াত সক্ৰিয় মৌনীয়ে নিজৰ অধিকতৰ অধিক ফটো শ্বেয়াৰ কৰে, মৌনীৰ এই ফটোবোৰে তেওঁৰ অনুৰাগীসকলক কৰি তোলে উচ্ছসিত। শেহতীয়াকৈ ইনষ্টাগ্ৰামত হনীমুন সম্পৰ্কীয় কেইবাখনো আৱেদনময়ী ফটো শ্বেয়াৰ কৰিছে মৌনীয়ে।
    কাশ্মীৰৰ মনোৰম বৰফ পৰিহিত উপত্যকাত মৌনীয়ে এই সোণালী দিনবোৰ উপভোগ কৰি আছে। শেহতীয়াকৈ মৌনীয়ে বৰফৰ উপত্যকাবোৰত মনোকিনি পিন্ধি বাৰে বাৰে সামাজিক মাধ্যমত প’ষ্ট কৰিছে ইখনৰ পাছত সিখন চকুত লগা ফটো। ক'লা মনোকিনিৰে জিলিকি উঠিছে মৌনী।



    ছ'চিয়েল মিডিয়াত ফটো প’ষ্ট কৰাৰ লগে লগে অনুৰাগীসকলৰ মন্তব্যৰে ভৰি পৰিছে। মৌনীৰ এনে কথাবোৰে অনুৰাগীক দিছে আমোদ। এইদৰে ৰাজহুৱাকৈ অন্তৰংগ মুহূৰ্ত উদযাপৰ বতৰা গোটেই বিশ্বকে জনাব পৰাটো সাহসিকতাৰে পৰিচয় বু‌লি ধৰি লৈছে অনুৰাগীয়ে!