• যি মহিলাই হিজাব পিন্ধে,তেওঁ আল্লাহৰ ওচৰত নিজকে সঁপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ জাইৰা ৱাছিম

    মনোৰঞ্জন
    যি মহিলাই হিজাব পিন্ধে,তেওঁ আল্লাহৰ ওচৰত নিজকে সঁপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ জাইৰা ৱাছিম
    ডিজিটেল ডেস্কঃ হিজাব বিতৰ্কক লৈ এইবাৰ মুখ খুলিছে ‘ডংগল গাৰ্ল’ জাইৰা ৱাছিমে। জাইৰাই কয়, পছন্দ–অপছন্দ হিচাপে কোনেও হিজাব নিপিন্ধে। ইছলামত হিজাব পিন্ধাৰ বাধ্যবাধকতা আছে। আল্লাহৰ প্ৰতি একাত্ম হবলৈ হিজাব পিন্ধিব লাগে। হিজাব ব্যক্তিগত পছন্দৰ নহয়। যি মহিলাই হিজাব পিন্ধে, তেওঁ আল্লাহৰ ওচৰত নিজকে সঁপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি কৃতজ্ঞতা আৰু নম্ৰতাৰ সৈতে হিজাব পিন্ধো। ধৰ্মীয় কৰ্তব্য পালনত মহিলাক বাধা দিয়া হৈছে আৰু হাৰাশাস্তি কৰা হৈছে।’’

    জাইৰাই লগতে কয় যে ‘‘মুছলমান মহিলাসকলৰ শিক্ষা আৰু হিজাবৰ মাজত যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। এনে এটা ব্যৱস্থা গঢ়ি তুলি মুছলমান মহিলাসকলৰ প্ৰতি অবিচাৰ কৰা হৈছে। নিজৰ সুবিধা আৰু উদ্দেশ্যৰ বাবে মুছলমান যুৱতীসকলক যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছতো তেওঁলোককে সমালোচনা কৰা হৈছে। এয়া খুবেই বেয়া আচৰণ।’’ উল্লেখ্য যে কংগনা ৰাণাৱটৰ পৰা জাভেদ আখটাৰলৈকে বহু তাৰকাই কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত মুকলিকৈ মাত মাতিছে।

    জাইৰা ৱাছিমে কৰ্ণাটকৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত হিজাবৰ ওপৰত ৰখা নিষেধাজ্ঞাক গৰিহণা দি এই দীঘলীয়া টোকা শ্বেয়াৰ কৰে। ২০১৬ চনত মুক্তিপ্ৰাপ্ত ‘ডংগল’ ছবিত অভিনয় কৰি জাইৰা ৱাছিমে এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ‘স্কাই ইজ পিংক’ত। ২০১৯ চনত জাইৰাই ধৰ্মীয় আস্থাৰ দোহাই দি বলীউডক বিদায় জনাইছিল।

    আৰু পঢ়কঃ পুৱা শুই উঠিয়েই কেতিয়াও নাচাব এইবোৰ বস্তু! জীৱন হ’ব বিফল,নাথাকিব টকা