• লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াঃ মুম্বাইৰ শিৱাজী উদ্যানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী

    মনোৰঞ্জন
    লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াঃ মুম্বাইৰ শিৱাজী উদ্যানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী
    ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ’ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ’ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কুকিল কণ্ঠী গায়িকাগৰাকীৰ মৃত্যু হয়।

    মুম্বাইৰ চৰকাৰৰ লগতে প্ৰশাসনে চিকিৎসালয়ত মৃত্যু হোৱা প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দাদৰ অঞ্চলৰ শিৱাজী উদ্যানখন বাছনি কৰিছে আৰু ইয়াৰ বাবে উদ্যানখনৰ আশা-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে।

    চলচ্চিত্ৰ জগতৰ বহুটো বিশিষ্ট ব্যক্তি, ৰাজনীতিবিদ আৰু প্ৰয়াত গায়িকাগৰাকীৰ অসংখ্য শুভাকাংক্ষীসকলে তেওঁক যিহেতু শ্ৰদ্ধাঞ্জলি জনাবলৈ তাত উপস্থিত হ'ব সেয়েহে মুখ্য পথৰ যান-বাহনৰ পথ সলনি কৰা হ'ব বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিছে।

    দক্ষিণ মুম্বাইৰ পেড্ডাৰ ৰোড আৰু শিৱাজী পাৰ্কত থকা তেওঁৰ বাসগৃহত ভিআইপিসকলৰ আগমনৰ কথা মনত ৰাখি, সেই অঞ্চলবোৰৰ কিছুমান গুৰুত্বপূৰ্ণ স্থানত বেৰিকেডিং ব্যৱস্থা কৰা হৈছে।

    ৰাতিপুৱা ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ৯২ বছৰীয়া গায়িকাগৰাকীৰ মৃত্যুৰ পিছত মুম্বাইৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে তেওঁৰ বাসগৃহ আৰু শিৱাজী উদ্যান পৰিদৰ্শন কৰে। যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে যান-বাহন আৰক্ষীয়ে দাদৰ অঞ্চলত অতিৰিক্ত আৰক্ষী কৰ্মচাৰীক নিযুক্তি কৰিছে। শিৱাজী উদ্যানত অতিৰিক্ত আৰক্ষী বাহিনী আৰু কুকুৰ দলও মোতায়েন কৰা হৈছে।

    দিনটোৰ আৰম্ভণিতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে এক বিবৃতিত কৈছিল যে মংগেশকাৰক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে মহান গায়িকাগৰাকীৰ বিয়োগত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ৬ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব আৰু এই সময়ছোৱাত কোনো আনুষ্ঠানিক চৰকাৰী সভা বা সমাৱেশ অনুষ্ঠিত কৰা নহব