comScore
  • শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত মোহময়ী অভিনেত্ৰী! যাব পাৰে জে’ললৈ..

    মনোৰঞ্জন
    শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত মোহময়ী অভিনেত্ৰী! যাব পাৰে জে’ললৈ..
    ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি বিপদত পৰিল বঙালী অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিল ৩৪ বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। দোষী সাব্যস্ত হ’লেই শ্ৰাৱন্তী চেতাৰ্জী যাব পাৰে জে’ললৈ। কি অপৰাধ কৰিলে শ্ৰাৱন্তীয়ে? অভিনেত্ৰী শ্ৰাৱন্তীয়ে যোৱা ১৫ জানুৱাৰীত তেওঁৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছিল এখন ফটো। সেই ফটোখনত শ্ৰাৱন্তীয়ে শিকলিৰে বন্ধা এটা নেউল হাতত লৈ থকা পৰিলক্ষিত হৈছিল।



    ফটোখন শ্বেয়াৰ কৰি শ্ৰাৱন্তীয়ে কেপশ্যনত লিখিছিল- ‘‘হঠাৎ এজন মৰমলগা কণমানি বন্ধুক লগ পালোঁ।’’ ফটোখন শ্বেয়াৰ কৰাৰ পিছতে শ্ৰাৱন্তীক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯এৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।



    তেওঁ অতি সোনকালে কলকতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব। সোধা-পোছা কৰাৰ অন্তত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে শ্ৰাৱন্তী চেতাৰ্জীক।



    উল্লেখ্য যে শ্ৰাৱন্তী চেতাৰ্জী ইয়াৰ পূৰ্বে কেইবাবাৰো বিতৰ্কৰ আওতাত সোমাই পৰিছে। বিশেষকৈ বহুবাৰ বিবাহ বিচ্ছেদক লৈ বিতৰ্কিত হৈছিল অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী।

    আৰু পঢ়কঃ মাৰ্চ মাহৰ দ্বিতীয় দিনটোত আপোনাৰ ভাগ্যত কি আছে..চাওঁ আহক ৰাশিফল
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam online