ডিজিটেল ডেস্কঃ
সমস্য আৰু শিল্পা চেট্টী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। কিছুদিনৰ আগতে, স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পাৰ বিৰ্তকৰ মাৰ নৌযাওতেই এইবাৰ শিল্পাৰ চেট্টী তেওঁৰ ভগ্নী শমিতা চেট্টীৰ মাতৃ সুনন্দা চেট্টীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে। ইয়াৰ বাবে তেওঁলোকলৈ চমন জাৰি কৰা হৈছে। এজন ব্যৱসায়ীয়ে জুহু আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে।
আন্ধেৰীৰ দণ্ডাধীশ আদালতে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ ভগ্নী আৰু মাতৃৰ বিৰুদ্ধে চমন জাৰি কৰিছে। দৰাচলতে, শিল্পা চেট্টী, শমিতা চেট্টী আৰু সুনন্দা চেট্টীৰ বিৰুদ্ধে ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছে। তথ্য অনুসৰি, শিল্পাৰ দেউতাক সুৰেন্দ্ৰ চেট্টীয়ে ২১ লাখ টকাৰ ঋণ লৈছিল আৰু সেই ঋণ আজিও পৰিশোধ কৰা নাই। আদালতে তিনিওজনক ২৮ ফেব্ৰুৱাৰীত কৰ্টত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।
খবৰ অনুসৰি, এজন অটোমোবাইল এজেঞ্চীৰ মালিকে তিনিওজনৰ বিৰুদ্ধে আইন প্ৰতিষ্ঠান মেচাৰ্ছ ৱাই এণ্ড এ লিগালৰ জৰিয়তে তেওঁলোকক ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ দাখিল কৰিছে। ব্যৱসায়ীজনে দাবী কৰিছে যে শিল্পাৰ স্বৰ্গীয় দেউতাকে ২১ লাখ টকা ধাৰ লৈছিল আৰু ২০১৭ চনৰ জানুৱাৰীৰ পৰা সূতসহ এই পৰিশোধ কৰাৰ কথা আছিল যদিও এই ঋণ পৰিশোধ নকৰিলে।
অভিযোগ অনুসৰি, দেউতাকৰ বিয়োগৰ বাবে শিল্পা চেট্টী, ভগ্নী শমিতা আৰু মাতৃ সুনন্দাই ঋণ পৰিশোধ কৰা নাই, যি তেওঁলোকৰ দেউতাকে ২০১৫ চনতে লৈছিল। সুৰেন্দ্ৰই প্ৰতি বছৰে ১৮% সুদৰ হাৰত ঋণ লৈছিল। আন্ধেৰী আদালতে অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰা, তেওঁৰ ভগ্নী শমিতা চেট্টী আৰু মাতৃ সুনন্দা চেট্টীক ব্যৱসায়ীৰজনৰ অভিযোগৰ পাছত চমন জাৰি কৰিছে।
Leave A Comment