• সাতজনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি ল'ব বিকী-কেটৰিনাই

    মনোৰঞ্জন
    সাতজনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি ল'ব বিকী-কেটৰিনাই

    ডিজিটেল ডেস্ক : উদুলি-মুদুলি হৈ আছে বলীউড৷ বহু প্ৰত্যাশিত বলীউড যুটি বিকী-কেটৰিনাৰ আজি সম্পন্ন হ'ব বিবাহ৷ সাতজনমলৈ একেলগে থকাৰ সংকল্প ল'ব বিকী-কেটে৷ দৰা-কইনাৰ সাজত বিকী-কেটৰিনাক চাবলৈ ব্যাকুল হৈ আছে অনুৰাগী৷ এক লাখ টকীয়া মেহেন্দীৰ ৰঙেৰে বুধবাৰে কেটৰিনা কাঈফৰ দুহাত ৰঙীণ হৈ উজলিছে৷ নিশা অনুষ্ঠিত হয় সংগীত-নৃত্যৰ অনুষ্ঠানৰো৷ কঠোৰ নিৰাপত্তা তথা নীতি-নিৰ্দেশৰ মাজেৰে আয়োজিত হৈছে বহু চৰ্চিত বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াৰ অনুষ্ঠান৷





    ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈছে কেটৰিনাৰ মেহেন্দী লগোৱা দুহাতৰ এখন ফটো৷ অৱশ্যে এই ফটোখন কেটৰিনাৰ বিয়াৰ নে বিজ্ঞাপনৰ সেয়া নিশ্চিত নহয়৷ ইতিমধ্যে বিয়াৰ বাবে বলীউডৰ বহু তাৰকা-মহাতাৰকাইয়ো ঢাপলি মেলিছে বিয়ালৈ বুলি৷










    উল্লেখ্য যে, বিয়াখনৰ নিমন্ত্ৰিত অতিথিসকলক সম্পূৰ্ণ গোপনীয়তা মানিবলৈ আৰু কোনোধৰণৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনোৱা হয়। ইয়াৰ লগতে ৮০ কোটি টকাৰ বিনিময়ত এমাজন প্ৰাইমক বিক্ৰী কৰা হৈছে বিয়াখন সম্প্ৰচাৰৰ স্বত্ব।