• সিদ্ধান্ত চতুৰ্বেদীৰ প্ৰেমত ‘বেকাবু’ দীপিকা; ৰণবীৰক পাহৰি চলিছে হিয়া দিয়া নিয়া

    মনোৰঞ্জন
    সিদ্ধান্ত চতুৰ্বেদীৰ প্ৰেমত ‘বেকাবু’ দীপিকা; ৰণবীৰক পাহৰি চলিছে হিয়া দিয়া নিয়া
    ডিজিটেল ডেস্ক : সিদ্ধান্ত চতুৰ্বেদীৰ প্ৰেমত ‘বেকাবু’ হৈ পৰিছে দীপিকা পাডুকন। দুয়োৰে প্ৰেমৰ চৰ্চাই এতিয়া তোলপাৰ লগাইছে বলীউডত। এই প্ৰেমৰ জ্যোতিয়ে দীপিকাৰ অন্তৰৰৰ পৰা যেন ম্লান কৰি পেলাইছে ৰণবীৰ সিঙৰ চিৰউজ্জ্বল চেহেৰাকো। সকলো পাহৰি সিদ্ধান্তৰ প্ৰেমৰ সাগৰত ডুব যাব খোজা দীপিকাৰ এই ৰূপ এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। সিদ্ধান্তৰ সৈতে সকলো পাহৰি সময় পাৰ কৰিছে দীপিকাই। দুয়োৰে নিবিড় আত্মীয়তাপূৰ্ণ মুহূৰ্তৰ ছবিও এতিয়া অনুৰাগীসকলৰ মাজত একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে।

    ৰণবীৰ সিঙৰ সৈতে সুখৰ সংসাৰ চলাই নিয়া দীপিকা পাডুকনৰ সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে প্ৰেমৰ কাহিনী সকলোৰে বাবে অলপ আচহুৱা লাগিব পাৰে। কিন্তু এয়া সঁচা। অৱশ্যে ৰীলতহে এই দুই তাৰকাই প্ৰেমত মচগুল হৈ পৰিছে। তেওঁলোকৰ নতুন ছবি ‘গেহৰাইয়া’ত দীপিকা-সিদ্ধান্তৰ ‘বেকাবু’ প্ৰেমৰ চৰ্চা এতিয়া বলীউডৰ অলিয়ে গলিয়ে। মুক্তিৰ পূৰ্বেই ব্যাপক চৰ্চা লাভ কৰা এই ছবিখনৰ এটা নতুন গীত আজি মুকলি হৈছে। প্ৰেমৰ জ্যোতিৰে উদ্দীপিত এই গীত মুকলি কৰা হৈছে ভেলেণ্টাইন ডে’ৰ ঠিক আগে আগে। ‘বেকাবু’ শীৰ্ষত এই গীতটোত দুয়োগৰাকী তাৰকাৰ প্ৰেমে লাভ কৰিছে তুমুল চৰ্চা।

    আজি মুকলি হোৱা এই গীতটো প্ৰস্তুত কৰিছে OAFF আৰু ছবেৰাই। গীতটো গাইছে ছবেৰা আৰু Shalmali Kholgadeই। কৌশাৰ মুনীৰে লিখা গীতটোৰ দৃশ্যাংশত দুয়োগৰাকী তাৰকাৰ বাধাহীন প্ৰেমৰ চৰ্চা ব্যাপকভাৱে হোৱা দেখা গৈছে। এই ছবিখনত দীপিকা-সিদ্ধান্তৰ লগতে অভিনয় কৰিছে অনন্যা পাণ্ডে, ৰজত কাপুৰ, নাছিৰুদ্দিন শ্বাহ আদিৰ দৰে তাৰকা অভিনেতাসকলেও।