• হুৰমুৰ যাত্ৰাত লটি-ঘটি প্ৰিয়ংকা চোপ্ৰাৰ! জানক সৱিশেষ

    মনোৰঞ্জন
    হুৰমুৰ যাত্ৰাত লটি-ঘটি প্ৰিয়ংকা চোপ্ৰাৰ! জানক সৱিশেষ

    মুম্বাইঃ বিতৰ্কত মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ আমেৰিকান দূৰদৰ্শনৰ এটা ৰিয়েলিটী শ্ব'ট বিচাৰক হিচাপে অংশগ্ৰহণ কৰিব বিচাৰিছিল। প্ৰিয়ংকাই ‘দ্য এক্টিভিষ্ট’ নামৰ ৰিয়েলিটী শ্ব'টোত এক নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। পৰৱৰ্তি সময়ত দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে তাৰকা অভিনেত্ৰীগৰাকীয়ে। এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে প্ৰিয়ংকাই কয়, ‘মই বিগত সপ্তাহৰ পৰা আপোনালোকৰ প্ৰতিবাদ শুনি আছো।





    সেয়ে মই শ্ব'টোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছো। অনুষ্ঠানটোত বিভিন্ন বিষয় ভুলকৈ আলোকপাত কৰা হৈছে। মই ইয়াত অংশগ্ৰহণ কৰি আপোনালোকক আঘাত দিয়াৰ বাবে দুঃখিত।’ প্ৰিয়ংকাৰ পাছত নিৰ্মাতাসকলেও ৰিয়েলিটী শ্ব'টোৰ নিৰ্মাণ গাঁথনিৰ বাবে ক্ষমা বিচাৰে। উল্লেখ্য যে, ৰিয়েলিটী শ্ব'টো ঘোষণা হোৱাৰ পাছতে বিভিন্ন নেতিবাচক মন্তব্যৰ সূত্ৰপাত হোৱা দেখা গৈছিল।






    আগন্তুক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য স্বাস্থ্য, শিক্ষা আৰু পাৰিপাৰ্শ্বিক বিষয়ৰ আওতাত এই ৰিয়েলিটী শ্ব'টোৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোৰ প্ৰতি মানুহৰ নেতিবাচক মনোভাৱৰ কাৰণ আছিল স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ইজনে সিজনৰ বিৰুদ্ধে অনা আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয়বোৰ অসংবেদনশীলভাবে ৰিয়েলিটী শ্ব'টোত উপস্থাপন কৰা। জানিবলৈ পোৱা মতে, ৰিয়েলিটী শ্ব'টোৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। এতিয়া এই ৰিয়েলিটি শ্ব'টোক এখন তথ্যচিত্ৰলৈ ৰূপান্তৰ কৰা হ'ব বুলি প্ৰকাশ পাইছে।