ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ তথা জনপ্ৰিয় অভিনেতা
জিতেন্দ্ৰ এটা সময়ত বহু দৰিদ্ৰ আছিল। তেওঁ সৰুৰে পৰা আৰ্থিকভাৱে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা জিতেন্দ্ৰই জীৱনৰ বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহি এজন সফল মানুহ হিচাপে পৰিগণিত হৈছে। বহুতো হিট ছবি উপহাৰ দিয়া জিতেন্দ্ৰই মাহে মাত্ৰ ১০০ টকাত তেওঁৰ প্ৰথমখন ছবি স্বাক্ষৰ কৰিছিল আৰু আশ্চৰ্যজনকভাৱে তেওঁ সময়মতে সেই টকাও পোৱা নাছিল।
জিতেন্দ্ৰই আৰম্ভণিৰে পৰা যথেষ্ট সংগ্ৰাম কৰিছে আৰু কঠোৰ পৰিশ্ৰম কৰিছে। জিতেন্দ্ৰই চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ মন স্থিৰ কৰিছিল, যদিও হিন্দী চিনেমাত কেৰিয়াৰ গঢ়াটো বৰ কঠিন। জিতেন্দ্ৰৰ পিতৃৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকলৰ সৈতে কিছু পৰিচয় আছিল। তেওঁ চলচ্চিত্ৰত প্ৰয়োজন হোৱা গহনা যোগান ধৰিছিল।
জিতেন্দ্ৰই চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ ওচৰলৈ কাম বিচাৰি গৈছিল। জিতেন্দ্ৰই তেওঁৰ পৰা কাম বিচাৰিছিল যদিও তেওঁ ভি শান্তাৰামৰ পৰা একো কাম নাপালে। কিন্তু কেইদিনমানৰ পাছত ভি শান্তাৰামে নিজেই জিতেন্দ্ৰক ফোন কৰি মাতিলে। ভি শান্তাৰামে এখন ছবি নিৰ্মাণৰ কাম হাতত লয়। ছবিখনৰ নাম আছিল চেহৰা। ছবিখন ১৯৬৩ চনত মুক্তি দিয়া হৈছিল। জিতেন্দ্ৰক কোৱা হৈছিল যে তেওঁ প্ৰতিদিনে চিনেমাখনৰ ছেটলৈ আহিব লাগিব, যিদিনা কোনো কনিষ্ঠ শিল্পী নাহে, তেওঁক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে তেওঁক মাহে ১০৫ টকাকৈ দিয়া হব বুলি কৈছিল। খুব কম লোকেহে জানে যে জিতেন্দ্ৰৰ প্ৰকৃত নাম আছিল ৰবি কাপুৰ। কিন্তু ভি শান্তাৰামে তেওঁৰ নাম জিতেন্দ্ৰলৈ সলনি কৰিলে।
জিতেন্দ্ৰই 'চেহৰা' বোলছবিখনৰ পৰা লাভান্বিত হোৱা নাছিল কিন্তু ভি শান্তাৰামে তেওঁৰ পৰৱৰ্তী ছবি 'গীত গায়া পাত্থৰ' নে'ৰ বাবে জিতেন্দ্ৰক মুখ্য অভিনেতা হিচাপে বাছনি কৰে। অৱশ্যে, তেওঁৰ মাননি হ্ৰাস কৰা হৈছিল। শান্তাৰামে জিতেন্দ্ৰক প্ৰতি মাহে ১০০ টকাত স্বাক্ষৰ কৰিছিল। কিন্তু ৬ মাহ ধৰি তেওঁ কোনো ধন পোৱা নাছিল। ইয়াৰ পিছত নানা সংগ্ৰাম কৰি কৰি জিতেন্দ্ৰই একাধিক হিট হিন্দী চিনেমাত কাম কৰে।
বলীউডত তেওঁ অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে নিজৰ নাম জিলিকাই তোলে। জিতেন্দ্ৰই ১৯৭৪ চনত শোভা কাপুৰক বিয়া কৰাইছিল। তেওঁলোকৰ দুটা সন্তান আছে, পুত্ৰ তুষাৰ আৰু কন্যা একতা কাপুৰ। ৮০ ৰ দশকৰ বিখ্যাত বলীউড অভিনেতা জিতেন্দ্ৰ বৰ্তমান মুঠ ১৫০০ কোটিতকৈও অধিক সম্পত্তিৰ মালিক।
আৰু পঢ়কঃ শৱযাত্ৰা দেখাৰ সময়ত কৰক এই কাম; মনৰ সকলো আশা হ’ব পূৰণ
Leave A Comment