comScore
  • ১৫বছৰ বয়সত স্তন সংৰোপন, কন্ডমক বেলুন বুলি ভাবি কৰিছিল ভুলঃ অকপট ৰাখী ছাৱন্ত

    মনোৰঞ্জন
    ১৫বছৰ বয়সত স্তন সংৰোপন, কন্ডমক বেলুন বুলি ভাবি কৰিছিল ভুলঃ অকপট ৰাখী ছাৱন্ত
    ডিজিটেল ডেস্কঃ বিতৰ্ক যেন ৰাখী ছাৱন্তৰ জীৱনৰ নিত্য সংগী। সময়ে সময়ে নানা বিতৰ্কই চুই গৈছেহি এইগৰাকী বলীউড অভিনেত্ৰীক। ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ এমাহো হোৱা নাই। এইবাৰ ৰাখী ছাৱন্তে ব্যক্তিগত বহু বিষয় মুকলিকৈ প্ৰকাশ কৰিছে। যাৰ ভিতৰত আছে ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ লগতে ৰাখীৰ বক্ষ সংৰোপণৰ অভিজ্ঞতাৰ নিটোল বৰ্ণনা।

    শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ৰাখীয়ে কয়, ‘১৫-১৬ বছৰ বয়সতে স্তন সংৰোপণ কৰিছিলো।’ এই অভিজ্ঞতাৰ বৰ্ণনা কৰি ৰাখীয়ে কয়, ‘তে‌তিয়া মই বৰ ভয় খাইছিলো। বয়স বহুত কম আৰু স্তন আছিল সমান। মই তেতিয়াই বলীউডত প্ৰৱেশৰ চেষ্টা কৰিছিলো। সেই সময়ত বহুতো বিশ্ব সুন্দৰীয়ে তেওঁলোকৰ স্তন সংৰোপন কৰিছিল। সকলোৱে তেতিয়া কৈছিল যে, বলীউডত কাম কৰিবলৈ হ’লে মুখখন ধুনীয়া হ'ব লাগিব আৰু দৈহিক গঠন হ’ব লাগিব চকুত লগা । সেইবাবে মই এই সিদ্ধান্ত লৈছিলো, তাৰ পাছতে মই ক’ল্ডৰ পৰা হট গাৰ্ল হৈ পৰিছিলো।’

    বিচ্ছেদ প্ৰসংগতো অকপট স্বীকাৰোক্তি ৰাখীৰ। তেওঁ কয়, ‘ৰীতেশে হঠাতে মোক এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এদিন টোপনিৰ পৰা সাৰ পাই দেখো যে, মোৰ স্বামীয়ে বেগ পেকিং কৰি আছে। কাৰণ হিচাপে, ৰীতেশে কৈছিল যে পুৰণি সম্পৰ্কক লৈ আইনী জটিলতাৰ বাবে তেওঁ ৰাখীক এৰি যোৱাৰ সিদ্ধান্ত লৈছে।’কথা-প্ৰসংগত ৰাখীয়ে উভতি চায় এৰি অহা শৈশৱৰ সোণোৱালী দিনবোৰক। সৰুতে এবাৰ কন্ডমক বেলুন বুলি ভাবি ভুল কৰিছিল বুলিও সাক্ষাত্‍কাৰত সদৰী কৰিছে ৰাখী ছাৱন্তে। একে সময়তে, ৰাখীয়ে পুনৰ জন্মত আম্বানী বা শিল্পা চেট্টীৰ পৰিয়ালত জন্ম গ্ৰহণৰো পোষকতা কৰিছে অভিনেত্ৰীগৰাকীয়ে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online