ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যৰ সৈতে
বিবাহ বিচ্ছেদ ধনুষৰ।দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে ঘোষণা কৰিলে বিবাহ বিচ্ছেদৰ খবৰ। দক্ষিণৰ ছবিজগতৰ কিংবদন্তি ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। পত্নী ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। ঐশ্বৰ্য্য ধনুষতকৈ আছিল ডেৰ বছৰ ডাঙৰ।
অভিনেতা ধনুষে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ছচিয়েল মিডিয়াৰ একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ধনুষে লিখিছিল, "১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ ভ্ৰমণ একেলগে কৰিছিলো। বৰ্তমান আমি যত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ'ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়... প্ৰেম বজাই ৰাখক..ধনুষ।''
ধনুষৰ এই ঘোষণাত হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। দুয়ো কিয় বিচ্ছেদ হোৱাৰ
সিদ্ধান্ত ল'লে তাৰ সঠিক উত্তৰ কাৰো ওচৰতে নাই। উল্লেখ্য যে দক্ষিণৰ আন এক দম্পতী সামান্থা প্ৰভু আৰু নাগা চৈতন্যৰ বিবাহ বিচ্ছেদৰ খবৰে দিয়া দুখ এতিয়াও মাৰ যোৱাই নাছিল অনুৰাগীসকলৰ..এইবাৰ আকৌ আহিল ধনুষ আৰু ঐশ্বৰ্য্যৰ বিচ্ছেদৰ খবৰ।
আৰু পঢ়কঃ মোক এৰি নাযাবা! সংগীৰ মৃত্যুত কবৰৰ কাষত ঘণ্টা ঘণ্টা ধৰি বহি থাকিল ময়ূৰ
Leave A Comment