ডিজিটেল ডেস্ক : পাহাৰৰ পৰা গুৱাহাটীলৈ নামি অহা ৰঙাপানী আৰু উদ্যোগীকৰণে বর্ণিহাটত সৃষ্টি কৰা প্ৰদূষণক লৈ পৰস্পৰক দোষাৰোপ কৰিবলৈ এৰি সোমবাৰে সৌহার্দ্যমূলক পৰিৱেশত বন্ধুত্বমূলকভাৱে আলোচনাত মিলিত হ'ল অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত মিলিত হৈ অনুষ্ঠিত কৰা বৈঠকত দুয়োখন ৰাজ্যৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত এখোজ আগুৱাই যোৱা, দুয়োখন ৰাজ্যই জলবিদ্যুৎ উৎপাদনৰ বাবে বন্ধুত্বপূর্ণ প্রকল্প নিৰ্মাণ কৰা আৰু গুৱাহাটীৰ কৃত্রিম বান সমস্যা সমাধানৰ বাবে উমৈহতীয়াভাৱে কাম কৰাৰ সিদ্ধান্তত উপনীত হয় দুয়োখন ৰাজ্য।
বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই সংবাদ মাধ্যমৰ আগত বৈঠকত বন্ধুত্বমূলকভাৱে লোৱা সিদ্ধান্তৰ কথা সদৰী কৰে। অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দুয়োখন ৰাজ্যৰ মাজত যি ৬টা বিবদমান সীমাৰ ক্ষেত্ৰত বুজাবুজিত উপনীত হৈ চুক্তি স্বাক্ষৰ কৰা হৈছিল, তাৰে ৫টাত অহা ১৫ আগষ্টত সীমা চিহ্নিতকৰণৰ খুঁটা পোতা হ'ব। এটা সীমাৰ ক্ষেত্রত বুজাবুজিত অকণমান সমস্যা আছে। এখন গাঁও মেঘালয়ে বিচাৰিছে আৰু তাৰ বিনিময়ত সম পৰিমাণৰ মাটি মেঘালয়ে এৰি দিবলৈ সন্মতি দিছে। এই সমস্যা দুয়োখন জিলাৰ আয়ুক্ত দুজনে আলোচনা কৰি ঠিক কৰিব। অর্থাৎ পিলিংকটাক বাদ দি আন ৫টা বিবদমান সীমাৰ এলেকা চিহ্নিতকৰণৰ খুঁটা পুতিবলৈ দুয়ো ৰাজ্যই সহমত পোষণ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে অসম-মেঘালয়ৰ সীমান্তৰ কুলসী নদীত ৫৫ মেগাৱাট জল বিদ্যুৎ উৎপাদন কৰিব পৰা এটা বন্ধুত্বমূলক প্রকল্প নির্মাণ দুয়োখন ৰাজ্যই কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। অৱশ্যে ইয়াৰ ফলত বিদ্যুৎ উৎপাদনৰ উপৰি গোৱালপাৰা আৰু কামৰূপৰ বিস্তীর্ণ এলেকাৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা পোৱা যাব। মুখ্যমন্ত্রীয়ে কয় যে অৱশ্যে এই ক্ষেত্ৰত স্থানীয় লোকৰ মতামত গ্ৰহণ কৰিব লাগিব। কাৰণ ১০ খন গাঁও স্থানান্তৰ কৰিব লগীয়া হ'ব।
ইফালে গুৱাহাটীৰ কৃত্রিম বান সম্পৰ্কত হোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মেঘালয়ৰ তিনিটা পইণ্টৰ পৰা বহু পানী নামি অহাত গুৱাহাটীত পানী হয়। গুৱাহাটীত হোৱা কৃত্রিম বানৰ কথা মেঘালয়ে বুজিবলৈ যত্ন কৰিছে। অসম চৰকাৰে প্রেজেন্টেশ্যনৰ জৰিয়তে গুৱাহাটীৰ অবর্ণনীয় অৱস্থাৰ কথা বুজোৱা হৈছে। তেওঁলোকে বুজি পাইছে। উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ বাবে থকা 'নর্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেন্টাৰে' খানাপাৰা, জুৰিপাৰ, বাহিনী আৰু যোৰাবাটৰ চেটেলাইট মেপিং কৰি তিনি মাহৰ ভিতৰত মেপ দিব। এই মেপ লাভ কৰাৰ পাছত সমস্যাৰ সমাধানৰ বাবে আই আই টি ৰুৰকীক দুয়োখন ৰাজ্যই আহ্বান জনাব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে পোন প্ৰথমবাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্রী পল লিংডো, ৰাজ্যখনৰ মুখ্য সচিবে গুৱাহাটীলৈ আহি সমস্যাৰ বুজ লৈছে আৰু বহুদিন স্থবিৰ হৈ থকা বিষয়বোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত যুটীয়াভাৱে সিদ্ধান্ত লোৱা হৈছে। সেয়েহে আজিৰ দিনটো এটা বিশেষ দিন বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। আজিৰ বৈঠকত ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment