• ৮৮ বছৰীয়া হ’ল আশা ভোছলে: জ্যেষ্ঠা ভগ্নী লতা মংগেশকাৰৰ আৱেগিক টুইট

    মনোৰঞ্জন
    ৮৮ বছৰীয়া হ’ল আশা ভোছলে: জ্যেষ্ঠা ভগ্নী লতা মংগেশকাৰৰ আৱেগিক টুইট

    ডিজিটেল ডেস্ক: আজি ৮৮ বছৰীয়া হ’ল কোকিলকণ্ঠী গায়িকা আশা ভোছলে। ভাৰতৰ সংগীত জগতক নিজৰ অৱদানেৰে সমৃদ্ধ কৰা আশা ভোছলেৰ জন্মদিনত শুভকামনা জনাইছে সংগীত আৰু অভিনয় জগতৰ অনেক ৰথী মহাৰথীয়ে। ভগ্নীক শুভকামনা জনোৱাত পিছ পৰি নাথকিল প্ৰবাদপ্ৰতীম গায়িকা লতা মংগেশকাৰো। টুইটযোগে ভগ্নীৰ সৈতে নিজৰ এখনি পুৰণি আলোকচিত্ৰ শ্বেয়াৰ কৰি লতা মংগেশকাৰে লিখে- -“ নমস্কাৰ।আজি মোৰ সৰু ভনী আশা ভোছলেৰ জন্মদিন।





    মই তেওঁক বহুত আশীৰ্বাদ অৰু শুভকামনা জনাইছো। আশা এগৰাকী চমৎকাৰী প্ৰতিভাসম্পন্ন গায়িকা।তেওঁ দীৰ্ঘায়ু হওঁক। ভগৱানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালক সদায়ে সুখী কৰি ৰাখক”। অন্য এটা টুইট বাৰ্তাত লতা মংগেশকাৰে আশা ভোছলেৰ এটি বিখ্যাত গীত “জুঠে নয়না বোলে” শ্বেয়াৰ কৰে। মংগেশকাৰে কয় যে আশা ভোছলেৰ এই গীতটো তেওঁৰ অন্যতম প্ৰিয় গীত।






    আনহাতে মাধুৰী দীক্ষিতেও আশা ভোছলেৰ সৈতে তেওঁৰ বিশেষ মুহুৰ্তৰ এখনি আলোকচিত্ৰ শ্বেয়াৰ কৰি শুভকামনা জ্ঞাপন কৰে। ভোছলেৰ জন্ম দিনত অইন বহু সংখ্যক তাৰকাইও শুভেচ্ছা জনায়। তেওঁলোকৰ ভিতৰত মধুৰ ভাণ্ডাৰকাৰ, প্ৰসেনজিৎ চেটাৰ্জী অন্যতম।