ডিজিটেল ডেস্কঃ
ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ অন্যতম ফেব দম্পতি, তেওঁলোক বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰূপে পৰিচিত, ভিন্ন সময়ত বলীউডৰ এই দম্পত্তিক লৈ সামাজিক মাধ্যমত চৰ্চা হৈ থাকে৷ এক সাক্ষাৎকাৰত, দীপিকা আৰু ৰণবীৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা ভাগ বতৰা কৰিবলৈ অনুৰোধ কৰিছিল৷ সেই সাক্ষাৎকাৰত, দীপিকাই সকলোৰে সন্মুখত তেওঁলোকৰ শোৱনি কোঠাৰ কিছু ৰহস্য ভেদ কৰিছিল।
নাইকা ফেমিনা বিউটি এৱাৰ্ডছত, দীপিকাক ৰণবীৰৰ অজ্ঞাতে কিছুমান কথা ভাগ বতৰা কৰিবলৈ কোৱা হৈছিল তেতিয়াই দীপিকাই কৈছিল যে, "ৰণবীৰে গা ধুবলৈ যথেষ্ট সময় লয়, তদুপৰি নিশা শোৱনি কোঠালৈ আহিবলৈও ৰণবীৰে বহু পলম কৰে, কিয়নো ৰণবীৰ বহু সময় মোবাইল গেমত ব্যস্ত হৈ থাকে৷ দীপিকাই এই কথা ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যমত এই প্ৰসংগক লৈ বেচ চৰ্চা লাভ কৰে৷
তাৰোপৰি গ্লেমাৰৰ সমান্তৰালকৈ, বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ বিয়াৰ আগতে চলচ্চিত্ৰ উদ্যোগত ভাল প্ৰভাৱ পেলাইছিল। বিবাহৰ পাছত, দুয়োজন তাৰকাই কেৱল কেৰিয়াৰ আৰু সম্পৰ্ক গঢ়ি তোলাই নহয়, লগতে তেওঁলোকৰ সম্পত্তিৰ সাম্ৰাজ্যও চতুৰতাৰে গঢ়ি তুলিছিল। ফৰ্বছে ১০০ জন চেলিব্ৰিটিৰ তালিকাত ৰণবীৰৰ সম্পত্তিৰ তালিকাত স্থান পাইছিল। দীপিকাই ৪৮ কোটি টকাৰ সম্পত্তিৰ সৈতে দশম স্থানত আছিল আৰু ৰণবীৰ সিঙে ১১৮.২ কোটি টকাৰ সম্পত্তিৰ সৈতে সপ্তম স্থানত আছিল।
Leave A Comment