• ৰণবীৰ-দীপিকাৰ ভাকুটকুট! সামাজিক মাধ্যমত ভাইৰেল স্ক্ৰীণশ্বট

    মনোৰঞ্জন
    ৰণবীৰ-দীপিকাৰ ভাকুটকুট! সামাজিক মাধ্যমত ভাইৰেল স্ক্ৰীণশ্বট

    নতুন দিল্লীঃ বলীউডৰ মোষ্ট হেপ্পী দম্পতী বুলিলে ৰনবীৰ সিং আৰু দিপীকা পাডুকনৰ প্ৰতিচ্ছবিয়েই ভাহি উঠে! হিন্দী চলচ্চিত্ৰ জগতৰ এই তাৰকাদম্পতীক লৈ সকলো সময়তে গৰম হৈ থাকে বলীউডৰ পৃষ্ঠা। সময়ে সময়ে নানা মুখৰোচক কাহিনী পলকতে ভাইৰেল হৈ পৰাও পৰিলক্ষিত হৈছে। তেওঁলোকৰ ভালপোৱা, কৌতুক উপভোগ কৰি বিমল আনন্দ লাভ কৰে অনুৰাগীয়ে। গতিকে, যেতিয়া ৰণবীৰ-দীপিকাৰ এখন ছবি বা এটা ভিডিঅ' মুক্তিয় পায় সেইটো ভাইৰেল হ'বলৈ বেছি সময় নলগাতো তেনেই স্বাভাৱিক। শেহতীয়াকৈ পুনৰ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে বলীউড এৰিণাৰ জনপ্ৰিয় এই যুটি।





    সামাজিক মাধ্যমত মুকলিকৈ প্ৰেমালাপ কৰি চৰ্চিত ৰণবীৰ-দিপীকা। উল্লেখ্য যে, ৰণবীৰে শেহতীীয়াকৈ ইনষ্টাগ্ৰামত ‘আস্ক মি এনিথিং’ বুলি এটা খণ্ড মুকলি কৰে। ৰণবীৰৰ পোষ্ট প্ৰকাশ হোৱাৰ লগে লগে অনুৰাগীৰ লাইক-কমেন্টেৰে ভৰি পৰে। সহস্ত্ৰ অনুৰাগীৰ মাজৰ পৰা দিপীকাৰ প্ৰশ্ন, ‘আপুনি কেতিয়া ঘৰলৈ আহিব?’ কাষত এটা হাঁহিৰ ইমোজী। ৰণবীৰে তেওঁৰ পত্নীৰ অনুভৱ বুজি পায়। ৰণবীৰৰ উত্তৰ, ‘খাদ্য গৰম কৰক, মই গৈ আছো।’ ৰণবীৰ সিঙে ইয়াতে ক্ষান্ত থকা নাছিল। সামাজিক মাধ্যমত এজন অনুৰাগীয়ে দীপিকাক উদ্দেশ্যি মাত্ৰ এটা শব্দ ক'বলৈ অনুৰোধ কৰিছিল। ৰণবীৰৰ স্পষ্ট প্ৰকাশ, ‘কুইন’ অৰ্থাত ‘ৰাণী’। ৰণবীৰে ইনষ্টাগ্ৰামৰ ‘আস্ক মি এনিথিং’ খণ্ডটোত পত্নী দীপিকাৰ সৈতে ৰং ধেমালি কৰাৰ সমান্তৰালকৈ তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ ‘গুণ্ডে’; ‘গালি বয়’ৰ বিষয়েও আলোকপাত কৰে।