comScore
  • ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে শ্বাহৰুখৰ ভিডিঅ’ই হৃদয় চুইছে সহস্ৰাধিকৰ

    মনোৰঞ্জন
    ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে শ্বাহৰুখৰ ভিডিঅ’ই হৃদয় চুইছে সহস্ৰাধিকৰ
    ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ১৯ দিন ধৰি অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ইউক্ৰেইনৰ পৰা ২.৬ নিযুতৰো অধিক লোক পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। দেওবাৰে লভিভৰ এটা সামৰিক ঘাটীত বিমান আক্ৰমণত প্ৰায় ৩৫জন লোক নিহত হৈছিল। ইয়াৰ মাজতে, শ্বাহৰুখ খানে যুদ্ধৰ ক্ষতিৰ বিষয়ে কোৱা এটা পুৰণি ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা, ভিডিঅ'টোত এছআৰকে-য়ে যুদ্ধৰ 'অসাৰ্থকতা, দুখ আৰু একাকীত্ব'ৰ বিষয়ে কোৱা দেখা গৈছে।

    কিংখানৰ ভিডিঅ' ভাইৰেল




    যুদ্ধৰ অসাৰ্থকতাৰ বিষয়ে কোৱা শ্বাহৰুখ খানৰ ভিডিঅ'টোৰ প্ৰাসংগিকতা এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নতুনকৈ বিচাৰি উলিয়াইছে। অনুৰাগীসকলে ইয়াক চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে সম্পৰ্কিত কৰি বিচাৰ কৰিছে। ভাইৰেল ভিডিঅ'টোত কিংখানে কৈছে যে, 'কেৱল মৃতসকলেহে যুদ্ধৰ সমাপ্তি দেখিছে। কোনেও নাজানে যে কেতিয়া যুদ্ধ সমাপ্ত হ'ব। মৃত্যুতেই পৰিসমাপ্তি ঘটে যুদ্ধৰ৷ গতিকে যুদ্ধই ধ্বংসৰ বাদে একো নিদিয়ে।'

    অভিনেতাজনে লগতে কয়, 'যুদ্ধত যথেষ্ট দুখ আছে আছে একাকীত্ব। যুদ্ধৰ কাৰণ যিয়েই নহওক, ভাল, বেয়া, কুৎসিত, প্ৰতিশোধ, ভাল শক্তিশালী, সময়ৰ প্ৰয়োজনীয়তা - সত্যটো হ'ল যুদ্ধ মানেই ধ্বংস। যুদ্ধ শান্তি আৰু মংগলৰ বিকল্প নহয়। যুদ্ধ প্ৰেম, আলোচনা, আনকি কাজিয়াৰ বিকল্প নহয়। যুদ্ধক কোনোৱে সমৰ্থন জনাব নালাগে।'

    শুভমুক্তিৰ দিশে কিং খানৰ পাঠান


    Shah Rukh Khan to hit 'Pathan,' Atlee directorial sets soon | NewsBytes

    ২০১৮ চনত জিৰোৰ মুক্তিৰ পাছত 'পাঠান' ছবিৰ জৰিয়তে কামবেকৰ বাবে সাজু হৈছে শ্বাহৰুখ খান। অভিনেতাজনে অলপতে টুইটাৰত পাঠানৰ টিজাৰ শ্বেয়াৰ কৰি লিখিছিল, 'মই জানো যে পলম হৈছে কিন্তু মনত ৰাখিব পাঠানৰ মুক্তিৰ দিন এতিয়া ২৫ জানুৱাৰী, ২০২৩। হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰি ছবিখনে। কেৱল আপোনাৰ ওচৰৰ ডাঙৰ পৰ্দাত #YRF50 সৈতে #Pathaan উদযাপন কৰক।' টিজাৰত, জন আব্ৰাহাম আৰু দীপিকা পাডুকনকো দেখা গৈছে৷

    BFC-new-banner
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online