Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
নতুন দিল্লীঃ ভাৰতৰ কলকাতাৰ ৰাণাঘাট ৰেল ষ্টেচনত গীত গাই ভিক্ষা কৰি জীয়াই আছিল এগাৰকী নাৰী। ষ্টেচনত গোৱা সেই কণ্ঠই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এসময়ত। ৰাজপথৰ পৰা ৰাজকীয় মঞ্চলৈ বিয়পি পৰিছিল তেওঁৰ কন্ঠ। এটা নিশাৰ ভিতৰতে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰে এক পৰিচিত হৈ পৰা নাৰী গৰাকী আছিল ৰানু মণ্ডল। পৰৱৰ্তী সময়ত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। বলীউডলৈ গুচি গ’ল ৰানু মণ্ডল। প্ৰতিভাধৰ সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে হিন্দী চলচ্চিত্ৰত গান গাবলৈ ৰানু মণ্ডলক বাচনি কৰা হৈছিল।
'তেৰী মেৰী' শীৰ্ষক জনপ্ৰিয় হিন্দী গীতটি ৰানু মণ্ডলৰ সৈতে হিমেশ ৰেশমিয়াই পৰীক্ষামূলকভাৱে সমাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। জনপ্ৰিয় হৈ পৰিল ৰানু মণ্ডল। তেওঁক আৰু কোনে পায়? কিন্তু সময়ৰ সোঁতত ৰানুৱে এই তাৰকা খ্যাতি বেছি দিন ধৰি ৰাখিব নোৱাৰিলে। অহংকাৰেই কাল হ’ল তেওঁৰ। পুনৰ ৰাণাঘাট ষ্টেচনলৈ উভতি গ’ল ৰানু। কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চিত হৈ পৰিছে ৰানু মণ্ডল। কিন্তু কিয় ? জানিবলৈ পোৱা মতে, বলীউডৰ প্ৰযোজক হৃষীকেশ মণ্ডলে সম্প্ৰতি ৰানুৰ নাটকীয় উত্থান আৰু পৰ্দাত জিলিকি উঠাৰ ৰোমাঞ্চকৰ কাহিনীৰ কথা উপস্থাপন কৰিছে। প্ৰযোজক গৰাকীয়ে ৰানু মণ্ডলক আধাৰ হিচাপে লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে।
এই চলচ্চিত্ৰখনত 'ছিক্ৰেট গেমছ'ৰ অভিনেত্ৰী ঈশিকা দেই ৰানু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰা বুলিও তেওঁ জানিবলৈ দিছে। চলচ্চিত্ৰখন নিৰ্মাণ সন্দৰ্ভত প্ৰযোজক গৰাকীয়ে কয় যে, ‘এসময়ত কলকাতাৰ ৰাণাঘাট ষ্টেচনৰ প্লেটফৰ্মত বহি বলীউডলৈ যাত্ৰা কৰাতো ৰানু মণ্ডলৰ বাবে এটা সপোনৰ পূৰণৰ দৰেই ঘটনা আছিল। হিমেশ ৰেশমিয়াৰ সহযোগত হিন্দী গীতত কন্ঠদান,ৰানুৰ অহংকাৰ এই সকলোখিনি কাহিনীকাৰে প্ৰকাশ কৰা হ’ব চলচ্চিত্ৰত। ৰানুৰ ভুলখিনিয়েই উপস্থাপন কৰা হ’ব যাতে তেওঁ সেই ভুলৰ শুধৰণি কৰি অনাগত সময়ত ৰানুৱে আগুৱাই যাব পাৰে।‘
Leave A Comment