ডিজিটেল ডেস্কঃ বলীউডৰ আটাইতকৈ চৰ্চিত প্ৰেম কাহিনীৰ ভিতৰত অন্যতম অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনী। সময় বহু বাগৰি গ’ল যদিও এই প্ৰেম কাহিনীৰ চৰ্চা কোনোদিন কম হোৱা নাই। এই প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ১৯৭৬ চনৰ 'ড’ আনজানে'(
Do Anjaane)ছবিৰ ছেটৰ পৰা। কিন্তু সেইসময়ত অমিতাভ বিবাহিত আছিল। ১৯৭৩ চনত অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন। যাৰ বাবে অসফল হৈ ৰৈছিল অমিতাভ-ৰেখাৰ প্ৰেম৷ আজিও
অমিতাভৰ সৈতে থকা সম্পৰ্কৰ কাহিনীয়ে ৰেখাৰ পিছ এৰা নাই৷
ৰেখা আৰু অমিতাভ পৃথক হৈছিল যদিও তেওঁলোকৰ সম্পৰ্কৰ সেই কথাবোৰে আজিও ভিন্ন কাৰণত সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰে। অমিতাভে ৰেখাৰ প্ৰেমত পৰাৰ সময়ত বলীউডত এটা বাতৰি বিয়পি পৰিছিল যে অমিতাভে অতি সোনকালে জয়াৰ পৰা পৃথক হ’ব। ৰেখাৰ বাবে অমিতাভ-জয়াৰ সংসাৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে। নিজৰ সংসাৰখন ভাঙি থানবান হৈ যোৱাৰ ভয়ত কঁপি উঠিছিল জয়া। গোটেই কথাবোৰ পৰিস্কাৰ কৰিবৰ বাবে এদিন জয়া বচ্চনে ৰেখাক তেওঁৰ ঘৰত ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰে।
সেই সময়ত অমিতাভ মুম্বাইৰ বাহিৰত আছিল, জয়াই সেই সুযোগৰ সদব্যৱহাৰ কৰিলে। জয়াৰ নিমন্ত্ৰণ পাই ৰেখা অমিতাভৰ ঘৰত উপস্থিত হয়। জয়াই অতিথি ৰেখাক যথেষ্ট আদৰ-সাদৰ কৰে। সুন্দৰকৈ ৰেখাক ৰাতিৰ সাঁজ আপ্যায়ন কৰে জয়া ভাদুৰীয়ে। ৰেখাৰ সৈতে মধুৰ ব্যৱহাৰ কৰি বহুত কথাও পাতিছিল জয়াই। সকলোখিনি ঠিকেই চলি আছিল। জয়াৰ ব্যৱহাৰত মুগ্ধ হৈ ৰেখাৰো মন ভৰিছিল। কিন্তু ৰেখাই জয়াৰ পৰা বিদায় লৈ ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে জয়াই এনে এষাৰ কথা ক’লে যি কথা শুনি ৰেখাৰ মুখৰ ৰঙেই বদলি হৈ গৈছিল।
সেই কথা শুনাৰ পাছতেই অমিতাভৰ পৰা দূৰত্ব বজাই চলিছিল ৰেখাই। কি কৈছিলে জয়াই ৰেখাক? জয়াই
ৰেখাক কৈছিল ''অমিতাভ কেৱল মোৰ আৰু মই কেতিয়াও অমিতাভৰ পৰা আঁতৰি নাযাওঁ।'' জয়াৰ এই কথাটো শুনি ৰেখাই বুজি পাইছিল যে তেওঁৰ আৰু অমিতাভৰ সম্পৰ্কৰ কোনো ভৱিষ্যৎ নাই। গতিকে আঁতৰি থকাই মংগল। এই ঘটনাৰ পাছতেই ৰেখাই অমিতাভ বচ্চনৰ পৰা দূৰত্ব ৰক্ষা কৰি চলিছিল,যি কথা খোদ নিজে ব্যক্ত কৰিছে ৰেখাই।
আৰু পঢ়কঃ পাকিস্তানত এলিয়েনৰ প্ৰৱেশ! আকাশত দেখা পোৱা গ’ল ইউএফঅ’
Leave A Comment