• ৱেব ছিৰিজত মাধুৰী , ৫৪ বছৰীয়া বাব্লী গাৰ্লৰ সৌন্দৰ্যই মুহিত কৰিছে অনুৰাগীক

    মনোৰঞ্জন
    ৱেব ছিৰিজত মাধুৰী , ৫৪ বছৰীয়া বাব্লী গাৰ্লৰ সৌন্দৰ্যই মুহিত কৰিছে অনুৰাগীক
    ডিজিটেল ডেস্ক: শেহতীয়াকৈ, অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ৰঙা ছিল্ক পোছাকৰ সৈতে তোলা এক ফটোশ্বুটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ মাধুৰী দীক্ষিতে তেওঁৰ অভিনয় আৰু যাদুকৰী নৃত্যৰে কেইবা দশক ধৰি অনুৰাগীক কৰিছিল মুহিত। নিজৰ নৃত্যশৈলীৰে অনুৰাগীৰ মন জয় কৰা ৫৪ বছৰীয়া মাধুৰীৰ সৌন্দৰ্যই এতিয়াও বিমুগ্ধ হয় সহস্ৰজন৷

    উল্লেখ্য যে, অভিনয়ৰ জগতৰ পৰা বিৰতি লৈছিল অভিনেত্ৰীগৰাকীয়ে৷ খবৰ অনুসৰি, সহস্ৰজনৰ হৃদয়ৰ স্পন্দন বঢ়াবলৈ পুনৰ অভিনয়লৈ উভতি আহিছে তেওঁ। বাব্লী গাৰ্ল মাধুৰী দীক্ষিতে শেহতীয়া ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰিছে। ৰঙা ছিল্ক পোছাক পিন্ধা অভিনেত্ৰীগৰাকীৰ ফটো শ্বুটে মুহিত কৰিছে তেওঁৰ অনুৰাগীসকলক৷



    প্ৰায় চাৰি দশক ধৰি বৰ্তি থকা তেওঁৰ কেৰিয়াৰত বহু জনপ্ৰিয় ছবি উপহাৰ দিছে অনুৰাগীক৷ চলচ্চিত্ৰৰ পাছত, মাধুৰী দীক্ষিতক এতিয়া প্ৰথমবাৰৰ বাবে ষ্ট্ৰীমিং স্পেছত দেখা যাব। অভিনেত্ৰীগৰাকীয়ে নেটফ্লিক্সৰ আহিবলগীয়া থ্ৰিলাৰ ‘দ্য ফেম গেম’ত অভিনয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷ য’ত তেওঁ বলীউডৰ ছুপাৰষ্টাৰ অনামিকা আনন্দৰ চৰিত্ৰত অভিনয় কৰিছে৷



    বহুতে অনুষ্ঠানটোক তেওঁৰ ‘অ’টিটি আত্মপ্ৰকাশ’ বুলি অভিহিত কৰিছে৷ অলপতে এক সাক্ষাৎকাৰত তেওঁ কয়, ‘প্ৰথমবাৰৰ বাবে অ’টিটি প্লেটফৰ্মত অভিনয় কৰিছো। মোৰ ৩৫ বছৰীয়া কেৰিয়াত মই নিজকে অলপ সলনি কৰিছো। মই শিকি ভাল পাওঁ। মোৰ বাবে, অ’টিটি প্লেটফৰ্ম হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ এক পৃথক ভাষা, এক পৃথক প্ৰণালী।’