National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লীঃ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-ক’ৰিঅ’গ্ৰাফাৰ ফাৰাহ খান ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ক’ভিড-১৯ প্ৰতিষেধকৰ দুটা ড’জ লোৱাৰ পাছতো কৰ’নাক্ৰান্ত হৈছে ফাৰাহ খান। বুধবাৰে এক ইনষ্টাগ্ৰাম পোষ্টযোগে এই বিষয়ে প্ৰকাশ কৰিছে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। দুটাকৈ প্ৰতিষেধক গ্ৰহণ আৰু বেছিভাগ ডাবল ভেক্সেড লোকৰ সৈতে কাম কৰা স্বত্বেও ক’ভিডাক্ৰান্ত হোৱাত আচৰ্য প্ৰকাশ কৰিছে ফাৰাহ খানে। ইনষ্টাগ্ৰাম পোষ্ট যোগে ‘কালা টিকা’ৰ প্ৰসংগও উত্থাপন কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। সামাজিক মাধ্যমত ফাৰাহ খানৰ ব্যংগাত্মক পোষ্টটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। ‘কালা টিকা’ নলগোৱা বাবে কৰ’নাক্ৰান্ত হোৱা বুলি ব্যংগ কৰিছে ফাৰাহ খানে। অৱশ্যে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষাৰো পৰামৰ্শ প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।
ফাৰাহ খান টিভি ৰিয়েলিটি শ্ব' জি কমেডি শ্ব'ৰ শ্বুটিংত ব্যস্ত হৈ আছিল। উক্ত অনুষ্ঠানটোত তেওঁ বিচাৰকৰ আসনত উপৱিষ্ট হৈ আছিল। জানিবলৈ পোৱা মতে, ফাৰাহ খান আৰোগ্য হৈ নুঠালৈকে অনুষ্ঠানটোত গায়ক মিকা সিঙে বিচাৰকৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিব। জি কমেডি শ্ব'ৰ উপৰিও, ফাৰাহ খানে অলপতে ছুপাৰ ডান্সাৰ ৪-ত অতিথি হিচাপে উপস্থিত আছিল। শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৰ সৈতে বিচাৰকৰ পেনেল ভাগ-বতৰা কৰিছিল। ফাৰাহ খানে শুকুৰবাৰ বিশেষৰ বাবে অমিতাভ বচ্চনৰ ‘কৌন বনেগা ক্ৰোড়পতি-১৩’ ৰ এটা খণ্ডৰ বাবে দৃশ্যগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
Leave A Comment