• ‘পৰিয়ালেই দোষী সজালে’-পৰ্ণগ্ৰাফীৰ কাণ্ডৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে ৰাজকুন্দ্ৰাই...

    মনোৰঞ্জন
    ‘পৰিয়ালেই দোষী সজালে’-পৰ্ণগ্ৰাফীৰ কাণ্ডৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে ৰাজকুন্দ্ৰাই...

    নতুন দিল্লীঃ ৰাজকুন্দ্ৰাৰ ৰাজপাট কাঢ়িছিল নিজ পৰিয়ালেই ! বিগত কেইমাহমানৰ পৰাই চৰ্চাত আছে ৰাজ-শিল্পা। সমগ্ৰ পৃথিৱী জোকাৰি যোৱা পৰ্ণগ্ৰাফীৰ কাণ্ডৰ বাবেই ছিৰাল-ফাট মেলিছিল শিল্পাৰ সংসাৰত। শিল্পাইয়ো টেলিভিছন-ৰ ৰিয়েলিটী শ্ব’ত ৰাজৰ এই কু-কৰ্মৰ কথা সুঁৱৰি কান্দোনত ভাগি পৰিছিল। ৰাজৰ পৰিৱৰ্তে নতুন জীৱন সংগীও বিচাৰি লোৱাৰো কথা প্ৰকাশ কৰিছিল শিল্পাই। অৱশ্যে, ৰাজে কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতে শিল্পাই আদৰি লৈছিল ৰাজক। হাঁহিৰ লহৰ উঠিছিল শিল্পাৰ বাসগৃহত।





    উল্লেখ্য যে, বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা প্ৰখ্যাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল পৰ্ণগ্ৰাফীৰ গোচৰত। মুম্বাই আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছিল কেতবোৰ বিস্ফোৰক তথ্য। অভিযুক্ত ৰাজকুন্দ্ৰাই দুমাহৰ কাৰাবাসো খাটিব লগা হৈছিল উক্ত গোচৰৰ বাবে। কিন্তু দীৰ্ঘসময়ৰ মৌনতা ভংগ কৰিছে ৰাজ। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াযোগে প্ৰদান কৰা এক বিবৃতিত তেওঁ কেতিয়াও পৰ্ণগ্ৰাফীৰ সৈতে জড়িত নাছিল বুলিও সদৰী কৰিছে।





    সংবাদ মাধ্যমক সমালোচনা কৰি ৰাজ কুন্দ্ৰাই কয়, বহুতো পৰ্টেলে মোক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে। সংবাদ মাধ্যমক কটাক্ষ কৰি তেওঁৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা কথাটোক 'মিডিয়া ট্ৰায়েল' বুলি অভিহিত কৰি ৰাজে কয়, ‘ মিডিয়াৰ এনে কাৰ্যই মোৰ ব্যক্তিগত গোপনীয়তাত আঘাত হানিছে।’ ৰাজে লগতে কয়, ‘ মানুহ হিচাপে মই নিজে ক্ষতিগ্ৰস্ত হৈছো আৰু মোৰ পৰিয়ালৰ ওপৰতো গ্লানিৰ ছিটিকনি পৰিছে। সামাজিক মাধ্যমতো নেতিবাচক মন্তব্যৰে থকা-সৰকা কৰা হৈছে মোৰ পৰিয়ালক-অহেতুক। বিষয়টো এতিয়াও সম্পূৰ্ণৰূপে মীমাংসা হোৱা নাই। গতিকে, এতিয়া মই এই বিষয়ে আৰু অধিক ক’বলৈ নোৱাৰিম। কিন্তু মই বিচাৰৰ সন্মুখীন হ'বলৈ সাজু। ন্যায়পালিকাৰ ওপৰতো আছে সম্পূৰ্ণ আস্থা।সত্যৰ জয় হ'বই।’