ডিজিটেল ডেস্ক:
কাশ্মীৰৰ বৰফৰ দলিচাত ওমলিছে অভিনেত্ৰী তথা নৱবিবাহিতা মৌনী ৰয়ে৷ মধুচন্দ্ৰিকা মধুৰ সময় কটোৱাৰ উদ্দেশ্যে কাশ্মীৰৰ গুলমাৰ্গত দেখা গৈছে মৌনীক৷ কোনোসময়ত যদি হাঁড়কপোৱা জাৰৰ মাজত বৰফৰ সতে ওমলিছে, কোনো সময়ত আকৌ দেখা গৈছে ছুইমিং পুলত৷ উল্লেখ্য যে মৌনী আৰু তেওঁৰ স্বামী সুৰজ নামিবিয়াৰ সৈতে ২৭ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল৷
বিয়াৰ নীতি-নিয়মৰ পাছতে মধুচন্দ্ৰিকা
উপভোগৰ বাবে নৱ-দম্পতীক গুলমাৰ্গৰ হনিমুন ৰিজ’ৰ্টত দেখা গৈছে৷ অত্যন্ত ব্যয়বহুল এই ৰিজ’ৰ্টখনৰ এদিনৰ মূল্যই ৩২ হাজাৰ টকা৷ মৌনীয়ে বৃহস্পতিবাৰে বিলাসী ৰিজৰ্টখনৰ শেহতীয়া আভাস ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল৷ মৌনীয়ে এটা ছুইমিং পুলৰ কাষত থকা ফটোবোৰৰ পাছফালে হিমালয়ৰ বৰফআবৃত পৰ্বতমালাৰ সৈতে যথেষ্ট সুন্দৰ দেখা গৈছিল৷
স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে মধুচন্দ্ৰিকা থকা মৌনীয়ে হোটেলত পুলৰ কাষত বহি থকা ফটো শ্বেয়াৰ কৰিছিল আৰু শিৰোনাম দিছিল, ‘বেবী, বাহিৰত ঠাণ্ডা হৈছে...’
ৰেষ্টুৰেণ্টখনৰ বাবে নতুন বুকিং ১৫ এপ্ৰিলৰ পাছতহে খোলা হয় য’ত এপ্ৰিলত ৩২,৮০০ ৰ পৰা ২৪,৭০০ টকা আৰু তাৰ পিছত মে’ৰ পৰা ২২,৪০০টকা হ’ব এদিনৰ মূল্য৷
Leave A Comment