comScore
  • প্ৰদান কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ; দাদা চাহেব ফাল্কে লাভ কৰি আৱেগিক হৈ পৰিল প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমান

    মনোৰঞ্জন
    প্ৰদান কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ;  দাদা চাহেব ফাল্কে লাভ কৰি আৱেগিক হৈ পৰিল প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমান
    ডিজিটেল ডেস্কঃ আজি প্ৰদান কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজ হাতেৰে সম্বৰ্ধনা জনায়। এই সময়ত ৱাহিদাৰ চকুত চকুলো দেখা গৈছিল। এই সময়তে অনুষ্ঠানটিত উপস্থিত থকা সকলো লোকে থিয় হৈ অভিনেত্ৰীগৰাকীক সন্মান জনায় আৰু হাতচাপৰিৰে অভিনন্দন জ্ঞাপন কৰে।

    বঁটা লাভ কৰাৰ পাছত ৱাহিদা ৰেহমানে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জুৰীৰ সদস্যসকলক ধন্যবাদ জনায়। ইয়াৰ পাছত ৱাহিদাই কয় যে- ‘মই নিজকে বৰ সন্মানিত অনুভৱ কৰিছো। কিন্তু আজি মই যি স্থানত থিয় দিওঁ, সেয়া মোৰ মৰমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবেই সম্ভৱ হৈছে। ভাগ্য ভাল যে বহুত ভাল শীৰ্ষ পৰিচালক, প্ৰযোজক, চলচ্চিত্ৰ নিৰ্মাতা, কাৰিকৰী লোক, লেখক, সংলাপ লেখক আৰু সংগীত পৰিচালকৰ পৰা বহুত সহায় পাইছিলোঁ।’

    ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰমতী মুৰ্মুৱে কয়, ‘তেওঁ নিজৰ শিল্প আৰু ব্যক্তিত্বৰে চলচ্চিত্ৰ জগতৰ শিখৰত নিজৰ স্থান দখল কৰিছে। তেওঁ ছবিত কাম কৰিবলৈ আন কোনো নাম ৰাখিবলৈ অস্বীকাৰ কৰিছিল। আনহাতে সেই সময়ত নাম সলনি কৰি কাম কৰাটো এটা ধাৰা আছিল। এনে বহু ছবি বাছি লৈছিল য’ত তেওঁৰ ভূমিকাই নাৰীৰ লগত জড়িত বাধাবোৰ ভাঙি পেলাইছিল। মহিলা সৱলীকৰণৰ বাবে মহিলাসকলে নিজেই উদ্যোগ ল’ব লাগে তাৰ আদৰ্শ দাঙি ধৰিছে ৱাহিদাজীয়ে।'