comScore
  • সেনাবাহিনীয়ে 'হানি ট্ৰেপিঙত ব্যৱহাৰ কৰে মোহময়ী অভিনেত্ৰীক! প্ৰাক্তন সেনা বিষয়াৰ এই মন্তব্যৰ পাছতেই তীব্ৰ বিতৰ্ক, ক’ত?

    মনোৰঞ্জন
    সেনাবাহিনীয়ে 'হানি ট্ৰেপিঙত ব্যৱহাৰ কৰে মোহময়ী অভিনেত্ৰীক! প্ৰাক্তন সেনা বিষয়াৰ এই মন্তব্যৰ পাছতেই তীব্ৰ বিতৰ্ক, ক’ত?
    ডিজিটেল ডেস্কঃ সেনাবাহিনীয়ে অভিনেত্ৰীসকলক 'হানি ট্ৰেপিঙ'ত ব্যৱহাৰ কৰে! পাকিস্তানৰ প্ৰাক্তন সেনা বিষয়া আদিল ৰাজাই তেওঁৰ ইউটিউব চেনেলত এনে ধৰণৰ মন্তব্য দিয়াৰ পিছতে ব্যাপক সমালোচিত হৈছে। পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী সজল আলীয়ে এই মন্তব্য দিয়াৰ বাবে প্ৰাক্তন বিষয়াজনৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে।

    উল্লেখ্য যে প্ৰাক্তন সেনা বিষয়া আদিলৰ এটা ইউটিউব চেনেল আছে। যাৰ নাম 'চলজাৰ স্পিক্ছ'। তাত আদিলে কৈছিল যে পাকিস্তানৰ সেনাবাহিনীত সেই দেশৰ অভিনেত্ৰীসকলক হানি ট্ৰেপিঙৰ 'টোপ' হিচাপে ব্যৱহাৰ কৰা হয়।

    অৱশ্যে, বিষয়াজনে কেৱল ইয়াতে ক্ষান্ত থকা নাছিল। তেওঁ কেইবাজনো পাকিস্তানী অভিনেত্ৰীৰ নামো উল্লেখ কৰিছিল। তেওঁলোকৰ ভিতৰত আছে সজল খান। সজলক বলীউডৰ ছবি 'মম'ত দেখা গৈছিল।

    তাৰপাছতে বিষয়টো সম্পৰ্কত এটা টুইট কৰিছে সজলে। লিখিছে- "এইটো অতি দুখজনক যে আমাৰ দেশ নৈতিকভাৱে বিধ্বস্ত হৈছে। কুৎসাৰটনা চলি আছে। চৰিত্ৰহানি কৰা হৈছে। মানৱীয়তাৰ বাবে ই অত্যন্ত ভয়ংকৰ।’’


    কেৱল সজলেই নহয়, অভিনেত্ৰী কুব্ৰা, মাহিৰা খানৰ নামো প্ৰাক্তন সেনা বিষয়াজনে উল্লেখ কৰিছিল। কুব্ৰাই ছ'চিয়েল মিডিয়াত 
    শেহতীয়াকৈ লিখে- "আদিল ৰাজা, যিকোনো অভিযোগ কৰাৰ আগতে প্ৰথমে প্ৰমাণ দিয়ক।"

    দুয়োগৰাকী অভিনেত্ৰীয়ে আদিলক গোটেই ঘটনাটোৰ বাবে ক্ষমা বিচাৰিবলৈ ৰাজহুৱাভাৱে দাবী কৰিছে। যদি আদিলে ক্ষমা নিবিচাৰে, মানহানিৰ গোচৰ ৰুজু কৰা হ'ব।
    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam