comScore
  • মন্দিৰত সোমাওঁতে চেণ্ডেল নোখোলাৰ বাবেই বয়কট কৰা হ’ল ৰণবীৰ কাপুৰৰ ছবি ব্ৰহ্মাস্ত্ৰ

    মনোৰঞ্জন
    মন্দিৰত সোমাওঁতে চেণ্ডেল নোখোলাৰ বাবেই বয়কট কৰা হ’ল ৰণবীৰ কাপুৰৰ ছবি ব্ৰহ্মাস্ত্ৰ
    ডিজিটেল ডেস্ক

    বলীউডত যেন এতিয়া বয়কটৰ ট্ৰেণ্ড৷ এখনৰ পিছত আনখন ছবিৰ বিৰুদ্ধে চলিছে বয়কট ট্ৰেণ্ড৷ বয়কটৰ বাবেই ব্যৱসায়িক বিশত বিফল হৈছে বহু সুদক্ষ অভিনেতাৰ ছবি৷ 

    শেহতীয়াকৈ চলি থকা বয়কট লাল সিং চড্ডা ট্ৰেণ্ডে ছবিখনৰ ব্যৱসায়িক দিশটোত যথেষ্ট প্ৰভাৱ পেলাইছে ৷ আনহাতে  লাল সিং চড্ডাৰ আৰু ৰক্ষাবন্ধনৰ পিছতেই এতিয়া গা কৰি উঠিছে বয়কট ব্ৰহ্মাস্ত্ৰ৷

    এই ছবিখনৰ পৰিচালক হৈছে অয়ান মুখাৰ্জী৷ছবিখনৰ প্ৰযোজক হৈছে কৰণ জোহৰ৷  বিয়াৰ পিছত এইখন ছবিতে ৰণবীৰ আৰু আলিয়াক একেলগে দেখা গৈছে৷  অহা ৯ চেপ্তেম্বৰত এই ছবিখন মুকলি কৰি দিয়া হ’ব দৰ্শকৰ মাজলৈ৷ বলীউডৰ আন অভিনতা সকলৰ লগতে দক্ষিণ ভাৰতৰ অভিনেতা নাগাৰ্জুনকো দেখা যাব৷ 

    জানিব পৰা মতে চিনেমাখনৰ এটা দৃশ্যত মুখ্য অভিনেতা ৰণবীৰ কিপুৰক মন্দিৰলৈ সোমাই যোৱা হৈছে৷ কিন্তু মন্দিৰলৈ সোমোৱাৰ সময়ত পিন্ধি থকা চেণ্ডেল নখুলিলে  ৰণবীৰ কাপুৰে৷ অভিনেতা ৰণবিৰ কাপুৰে এনেদৰে  হিন্দু সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবেই বয়কট কৰা হৈছে চিনেমাখনক৷