comScore
  • আলিয়ই ভাল পায় পুৰুষৰ পাৰফিউম! শ্বাহৰুখ-কেটৰিনাৰ কি ব্ৰেণ্ডৰ পাৰফিউম প্ৰিয়? বলীউদ তাৰকাৰ প্ৰিয় পাৰফিউমৰ বিষয়ে জানক

    মনোৰঞ্জন
    আলিয়ই ভাল পায় পুৰুষৰ পাৰফিউম! শ্বাহৰুখ-কেটৰিনাৰ কি ব্ৰেণ্ডৰ পাৰফিউম প্ৰিয়? বলীউদ তাৰকাৰ প্ৰিয় পাৰফিউমৰ বিষয়ে জানক
    ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকাসকলে পাৰফিউম ভাল পায়। পাৰফিউমৰ সুগন্ধ অবিহনে তেওঁলোকৰ সৌন্দৰ্যচৰ্চা আধৰুৱা। বহুকেইজন তাৰকাৰ নিৰ্দিষ্ট ব্ৰেণ্ডৰ পাৰফিউমৰ প্ৰতি আকৰ্ষণ আছে। চাওঁ আহক এই বিষয়ে।

    বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সংগ্ৰহত বিভিন্ন দেশী-বিদেশী ব্ৰেণ্ডৰ সুগন্ধি আছে। কিন্তু শ্বাহৰুখে কেতিয়াও এইবোৰ ব্যৱহাৰ নকৰে, কেৱল সংগ্ৰহহে কৰি ৰাখিছে। শ্বাহৰুখে কেৱল দুটা সুগন্ধি একেলগে ব্যৱহাৰ কৰে। সেই দুটা হৈছে- ডানহিল আৰু ডিপ্টিক। শ্বাহৰুখে ব্যৱহাৰ কৰা সুগন্ধিৰ দাম ১০ হাজাৰ টকাৰ পৰা আৰম্ভ হয়।

    দীপিকা পাডুকনে পাৰফিউম ব্যৱহাৰ কৰিবলৈ  কেতিয়াও নাপাহৰে। দীপিকাই মূলতঃ ফ্ৰান্সৰ দুটা কোম্পানী এষ্টি ল’ডাৰ আৰু ৰালফ লৰেনৰ সুগন্ধি ভাল পায়। কিন্তু নায়িকাগৰাকীৰ প্ৰিয় হৈছে এষ্টি ল’ডাৰৰ ‘মডাৰ্ণ মিউজ’। যাৰ দাম প্ৰায় ৯ হাজাৰ টকা।

    কেটৰিনা কাঈফৰ সুগন্ধিৰ প্ৰতি আছে এক সুকীয়া প্ৰেম। কোনোবাই সুগন্ধি উপহাৰ দিলে তেওঁ আটাইতকৈ বেছি সুখী হয়। কেটৰিনাই গুচি পাৰফিউম ভাল পায়। ১০০ মিলিগ্ৰাম গুচি সুগন্ধিৰ মূল্য ১২ হাজাৰ টকা।

    আলিয়া ভাটৰ সুগন্ধিৰ সংগ্ৰহ আচৰিতজনক। আপুনি হয়তো জানি আচৰিত হ’ব যে আলিয়াই পুৰুষৰ সুগন্ধি বেছি পছন্দ কৰে। কিন্তু আলিয়াই ব্যৱহাৰ কৰে ‘ব্লু ডি চেনেল’ নামৰ ফৰাচী সুগন্ধি। যাৰ দাম প্ৰায় ১০,৫০০ টকা।

    প্ৰিয়ংকা চোপ্ৰা বহুতৰে বাবে ‘ষ্টাইল আইকন’। কাপোৰৰ পৰা আৰম্ভ কৰি জোতালৈকে সকলো প্ৰিয়ংকাই নিজে কিনি লয়। শ্বুটিংৰ বাবে তেওঁ পৃথিৱীৰ যিসমূহ ঠাইলৈ যায়, উভতি অহাৰ পথত তেওঁ সুগন্ধি কিনি আনে।প্ৰিয়ংকাৰ প্ৰিয় সুগন্ধি ‘ট্ৰাচাৰ্ডি ড’না’। যাৰ দাম ৫ হাজাৰ টকাৰ ওচৰ চপা।