comScore
  • ''ভাৰতীয় দৰ্শকে কি বিচাৰে...?’’ অটিটি প্লেটফৰ্মত আপত্তিজনক বিষয়বস্তুৰ অত্যধিক ব্যৱহাৰত ক্ষোভিত আমিশা পেটেল

    মনোৰঞ্জন
    ''ভাৰতীয় দৰ্শকে কি বিচাৰে...?’’ অটিটি প্লেটফৰ্মত আপত্তিজনক বিষয়বস্তুৰ অত্যধিক ব্যৱহাৰত ক্ষোভিত আমিশা পেটেল
    ডিজিটেল ডেস্কঃ কেইবাবছৰৰ অন্তত ঘূৰি আহিছে অভিনেত্ৰী অমিছা পেটেল। ছানী দেউলৰ সৈতে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘গাদৰ ২’ অহা ১১ আগষ্টত মুক্তি পাব। ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে অ’টিটি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল। অ’টিটি প্লেটফৰ্মত ছবি, ধাৰাবাহিক ভাৰতীয় সভ্যতাৰ লগত অসঙ্গতিপূৰ্ণ বুলি তেওঁ ভাবে।

    এক সাক্ষাৎকাৰত অমীশাই কয়, ‘দৰ্শকে এখন ভাল আৰু পৰিষ্কাৰ চিনেমাৰ বাবে অপেক্ষা কৰি আছে। ককা-আইতাই নাতি-নাতিনীৰ সৈতে চাব পৰা চিনেমা। কিন্তু অ’টিটিত সেয়া নহয়। কেৱল সমকামিতা আৰু যৌনতা।’’

    উল্লেখ্য যে 'গড্ডৰ’ ছৱিখনে এটা সুন্দৰ কাহিনী ক’বলৈ চেষ্টা কৰিছে। কেৱল সেয়াই নহয়, এই ছবিখনে পৰিয়ালৰ মূল্যবোধৰ কাহিনী ক’ব। ইয়াৰ বাহিৰেও আছে ডাঙৰ ডাঙৰ সংলাপ আৰু কিছুমান মৰ্মস্পৰ্শী দৃশ্য, যিবোৰে দৰ্শকৰ হৃদয় চুই যাব বুলি আমিষাই দাবী কৰিছে। ইতিমধ্যে ছবিখনক ভাৰতীয় সেনাই গ্ৰীণ চিগনেল দিছে। ছবিখনৰ নিৰ্মাতাসকলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি তাতো ইতিবাচক সঁহাৰি লাভ কৰে।

    এই ছবিখনৰ দ্বিতীয় খণ্ডত ছাকিনাৰ চৰিত্ৰটোৰ মৃত্যু হৈছে যদিও ছাকিনাৰ পুত্ৰ পাকিস্তানত আছে। পুত্ৰক ঘূৰাই অনাৰ বাবে পিতৃয়ে কৰা সংগ্ৰামক কেন্দ্ৰ কৰি ছবিখনৰ চিত্ৰনাট্য আবদ্ধ।