• 'মিচেছ কোহলী’ বুলি সম্বোধন কৰা হ’ল অনুষ্কা শৰ্মাক! কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে, চাওক!

    মনোৰঞ্জন
    'মিচেছ কোহলী’ বুলি সম্বোধন কৰা হ’ল অনুষ্কা শৰ্মাক! কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে, চাওক!
    ডিজিটেল ডেস্কঃ বিবাহৰ পাঁচ বছৰৰ পাছতো তেওঁলোকৰ প্ৰেম কমি যোৱা নাই। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ৰেড কাৰ্পেটৰ পৰা আৰম্ভ কৰি ইভেণ্ট বা পাৰ্টিলৈকে সকলোতে ইজনে সিজনৰ হাতত ধৰি থকা দেখা যায়। একেলগে গৈ মন্দিৰ বা আশ্ৰমতো পূজা কৰে। কিন্তু শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক এক অনুষ্ঠানত অকলে দেখা গ’ল।

    অনুষ্ঠানত ৰেড কাৰ্পেটত ক’লা পোছাক আৰু সাপৰ হাৰ পিন্ধি অনুষ্কা আবিৰ্ভাৱ হয়। অনুষ্কাই ৰেড কাৰ্পেটত ভৰি দিয়াৰ লগে লগে ফটোগ্ৰাফাৰসকলে ফটো তুলিবলৈ আগ্ৰহী হৈ পৰিল। কিন্তু সেই ৰেড কাৰ্পেটখনত এটা অদ্ভুত কথা ঘটিল। অনুষ্কাই কেমেৰাৰ সন্মুখলৈ অহাৰ লগে লগে ফটোগ্ৰাফাৰসকলে ‘মিচেছ কোহলী’ বুলি চিঞৰি উঠিল। অনুষ্কা সেইটোতে অসন্তুষ্ট হৈ পৰিল। অনুষ্কাই সিহঁতক ক'লে, "মই কাণেৰে শুনিব নোৱাৰা হৈছো। লাহে লাহে কথা কওক!'’

    অনুষ্কাৰে এইদৰে কৈ স্পষ্ট কৰি দিয়ে যে 'মিচেছ কোহলী' বুলি সম্বোধন কৰাত তাইৰ খং হোৱা নাছিল। বৰঞ্চ কেমেৰামেনৰ চিঞৰ-বাখৰত বিৰক্ত হৈ পৰিল অভিনেত্ৰীগৰাকী। ইয়াৰ পিছতো কেমেৰাৰ সন্মুখত হাঁহি হাঁহি ৰেড কাৰ্পেটৰ পৰা আঁতৰি যায় অভিনেত্ৰীগৰাকী।

    অনুষ্কাক ‘মিচেছ কোহলী’ বুলি সম্বোধন কৰাৰ প্ৰতিক্ৰিয়াই অনুৰাগীৰ মনত একে প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু বিয়াৰ পাঁচ বছৰৰ পাছতো যে অনুষ্কা-বিৰাটৰ প্ৰেম পূৰ্ণগতিত চলিছে, সেই কথা স্পষ্ট হৈ পৰিল অনুষ্ঠানটোৰ সমগ্ৰ ভিডিঅ’টো ওলোৱাৰ পিছতহে।