comScore
  • ৰং দে তু মোহে গেৰুৱা! গেৰুৱা ৰঙক লৈ হোৱা বিতৰ্কৰ মাজতে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ালে অৰিজিৎ সিঙে, কি ক’লে জনপ্ৰিয় গায়কজনে?

    মনোৰঞ্জন
    ৰং দে তু মোহে গেৰুৱা! গেৰুৱা ৰঙক লৈ হোৱা বিতৰ্কৰ মাজতে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ালে অৰিজিৎ সিঙে, কি ক’লে জনপ্ৰিয় গায়কজনে?
    ডিজিটেল ডেস্কঃ ''গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”- এইদৰে ক’লে বলিউডৰ জনপ্ৰিয় সংগীতশিল্পী অৰিজিৎ সিঙে।

    ১৫ ডিচেম্বৰত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত উপস্থিত আছিল বলিউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক গান গাবলৈ অনুৰোধ জনাইছিল। তাৰকা গায়িকাগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰি গাই উঠিল- ''ৰং দে তু মুহে গেৰুৱা!’’

    তাৰপাছতে আৰম্ভ হৈছিল বিতৰ্ক। সেইসময়ত শ্বাহৰুখ খানৰ 'পাঠান’ ছৱিৰ 'বেছৰম ৰঙ’ক লৈ হিন্দুত্ববাদীসকলৰ তীব্ৰ আপত্তি প্ৰদৰ্শন আৰম্ভ হৈছিল। গানটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পৰিধান কৰাক লৈ ব্যস্ত হৈ পৰিছিল দেশৰ ৰাজনীতি।

    তেনে সময়তে কলিকতাত অৰিজিৎ সিঙে 'ৰং দে তু মুহে গেৰুৱা’ গাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। অনুষ্ঠানটোত শ্বাহৰুখ খানো উপস্থিত আছিল। আনহাতে, 'ৰং দে তু মুহে গেৰুৱা’ গানটো অৰিজিৎ সিঙৰ এটা বিখ্যাত গান। গানটো ২০১৫ চনত 'দিলৱালে’ ছৱিখনত আছিল। গানটোত অভিনয় কৰিছিল শ্বাহৰুখ খান আৰু কাজলে।

    শেহতীয়াকৈ ১৮ ফেব্ৰুৱাৰীতো অৰিজিৎ সিঙে গান গাবলৈ আহিছিল কলকাতাৰ একুৱাটিকা মঞ্চলৈ। তাতো মঞ্চত ‘গেৰুৱা’ গাইছিল তেওঁ। মঞ্চৰ পৰাই শিল্পীগৰাকীয়ে বিগত দুমাহ ধৰি চলি থকা 'গেৰুৱা’ বিতৰ্কৰ বিষয়ে এইদৰে কয়- ''এই গীতটোক লৈ অযথা বহুত বিতৰ্ক হৈছে। গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388